অসম

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া স্থাপন কৰা হৈছিল। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হৈছে। তেতিয়াৰ পৰাই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই (পিচিআই) ৰাষ্ট্ৰৰ সংবাদ ক্ষেত্ৰৰ নৈতিক প্ৰহৰী হিচাপে কাম কৰি আহিছে। সংবাদ মাধ্যমসমূহ যে এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান এই দিৱস উদযাপনে তাৰেই স্মৰণ কৰাই।

ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষা কৰিবলৈ প্ৰথম প্ৰেছ আয়োগে এখন প্ৰেছ কাউন্সিল গঠন কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হয়। এই কাউন্সিল ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। সেয়েহে প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।

বৰ্তমানৰ ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ হিচাপে আছে ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই। সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰাৰ লগতে ভাৰতত সাংবাদিকতাৰ মানদণ্ড বজাই ৰখা, গণতন্ত্ৰ বজাই ৰখা আৰু মুক্ত বাকশক্তিৰ সুৰক্ষাৰ নিশ্চয়তা দিয়াৰ লগতে সাংবাদিকতাৰ নৈতিকতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা উলংঘা কৰাৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা আৰু বিপক্ষে কৰা অভিযোগৰ মধ্যস্থতা হিচাপে কাম কৰাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰেছ কাউন্সিল এক গুৰুত্বপূৰ্ণ অনুষ্ঠান।