মহিলাৰ অভিলাষী প্ৰশিক্ষণ শিবিৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ...
মহিলাৰ অভিলাষী প্ৰশিক্ষণ শিবিৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ...  
নলবাৰী

মহিলাৰ অভিলাষী প্ৰশিক্ষণ শিবিৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰী: আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ উদ্যোগত আৰু টিহু মহকুমাৰ মাখিবাহা গাঁও পঞ্চায়তৰ ব্যৱস্থাপনাত ৩০ জানুৱাৰীত মাখিবাহাত অঞ্চলটোৰ ৯০ গৰাকী মহিলাক স্বয়ংক্ৰিয় মইনা শালৰদ্বাৰা বয়ন শিক্ষা দিয়াৰ প্ৰশিক্ষণ শিবিৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰ এটিৰ শুভাৰম্ভ কৰা হয় ।

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানৰ আঁত ধৰি নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ সচিব জয়ন্ত শৰ্মাই- আমাৰ মহিলাসকল আত্মনিৰ্ভৰশীল হ’বলৈ বয়নৰ দৰে শিল্পক সমৃদ্ধিশালী কৰিব লাগিব বুলি কয়। টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ চৌধুৰীয়ে দ্বাৰ মুকলি কৰি বন্তি জ্বলাই দিয়া ভাষণত- প্ৰশিক্ষণ শিৱিৰৰ প্ৰতিগৰাকী মহিলাক পদ্ধতিগতভাৱে প্ৰশিক্ষণ লৈ নিজৰ লগতে পৰিয়ালৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে আৰু সমাজত নিজক পৰিচয় কৰাবলৈ আহ্বান কৰে ।

অঞ্চলটোৰ মহিলাসকলৰ বাবে অতি অভিলাষী এই প্ৰশিক্ষণ শিৱিৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ অনুষ্ঠানত নাবাৰ্ডৰ সহকাৰী সাধাৰণ প্ৰবন্ধক উৎপল বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে গৈ প্ৰশিক্ষণ প্ৰাপকসকলক সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস দিয়ে । প্ৰশিক্ষণ শিৱিৰ আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰটো স্থাপনৰ বাবে বিশেষ আগভাগ লোৱা মাখিবাহা গাঁও পঞ্চায়তৰ সভাপতি নৱ কুমাৰ শৰ্মাই কেন্দ্ৰটোলৈ গাঁও পঞ্চায়তৰ জৰিয়তে দুখন মইনা শাল প্ৰদান কৰে ।

ভাষণ প্ৰসংগত পঞ্চায়তৰ সভাপতিগৰাকীয়ে উৎপাদনমুখী এই আঁচনি মহিলাসকলৰ আৰ্থিক উন্নয়নত বিশেষ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে । নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ স্বেচ্চাসেৱক ক্ৰমে সীমান্ত ভৰালী আক গুণজিৎ শৰ্মাৰ বিশেষ সহযোগত হোৱা এই অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ মাখিবাহা শাখাৰ প্ৰবন্ধক প্ৰাণজিৎ শৰ্মা, হস্ততাঁত আৰু ৰেচম বিভাগৰ ডেমনষ্ট্ৰেটৰ হিতেশ দাস, বিশিষ্ট সমাজকৰ্মী ফলীন্দ্ৰ দাস, মাখিবাহা গাঁও পঞ্চায়তৰ সচিব মইনুৰ আলী প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট লোকে ভাগ লয় ।