নলবাৰী

নলবাৰীত মহিলাৰ স্বাৱলম্বীতাৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ টিহুৰ ওচৰৰ বৈৰাগীত জীৱিকা আৰু ঔদ্যোগিক বিকাশ আঁচনিৰ অধীনত নাবাৰ্ডৰ অৰ্থ সাহায্যত আগশাৰীৰ স্বেচ্চাসেৱী অনুষ্ঠান নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ উদ্যোগত বহস্পতিবাৰে কাঠফুলা উৎপাদনৰ ১২ দিনীয়া প্ৰশিক্ষণ শিবিৰ এটিৰ শুভ উদ্বোধন কৰা হয় ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰি নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ সচিব জয়ন্ত শৰ্মাই আমাৰ মহিলাসকল আত্মনিৰ্ভৰশীল হ’বলৈ কাঠফুলা উৎপাদনৰ দিশত মনোনিৱেশ কৰিলে আৰ্থিকভাৱে বাৰুকৈয়ে সফল হ’ব পাৰে বুলি কয়। অঞ্চলটোৰ ৩০গৰাকী মহিলাক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আয়োজিত শিবিৰটোৰ উদ্বোধনী অনুষ্ঠানত নাবাৰ্ডৰ জিলা প্ৰবন্ধক অংকিতা মধুকুল্য, প্ৰশিক্ষক হেমন্ত নাথ আৰু অসম গ্ৰামীন বিকাশ বেংকৰ পাটাছাৰকুছি শাখাৰ শাখা প্ৰবন্ধক আছিক ইকবালসহ কেইবাগৰাকী বিশিষ্ট লোকে  প্ৰশিক্ষণত ভাগ লোৱা মহিলাসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰশিক্ষণৰ জৰিয়তে ভৱিষ্যতে আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়।

আকৌ স্বেচ্চাসেৱী অনুষ্ঠান নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ উদ্যোগত অকয়া নিত্যানন্দতো বৃহস্পতিবাৰে পোচাক তৈয়াৰ আৰু এম্ব্ৰইডাৰিৰ বাবে পষেকীয়া প্ৰশিক্ষণ শিবিৰ এটিৰ শুভাৰম্ভ কৰা হয়। শিবিৰটোত প্ৰশিক্ষণ ল’বলৈ অঞ্চলটোৰ ৩০গৰাকী মহিলা আগবাঢ়ি আহিছে।

নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ সচিব জয়ন্ত শৰ্মাই আঁত ধৰা আৰু এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম গ্ৰামীন বিকাশ বেংকৰ নিত্যানন্দ শাখাৰ শাখা প্ৰবন্ধক মুকুল গোস্বামী, নাবাৰ্ডৰ জিলা প্ৰবন্ধক অংকিতা মধুকুল্য, প্ৰশিক্ষক কৰৱী মজুমদাৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকে ভাগ লয়। প্ৰশিক্ষণ শিবিৰটোত অঞ্চলটোৰ ৩০গৰাকী মহিলাই প্ৰশিক্ষণ লৈছে।

উল্লোখযোগ্য যে, বেংকৰ দুয়োগৰাকী বিষয়াই ভাষণ প্ৰসংগত প্ৰশিক্ষণ সামাপন হোৱাৰ পাছত স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত মহিলাসকলক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে ।