নলবাৰী

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদ্‌যাপনৰ সামৰণি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,নলবাৰী : অসম সাহিত্য সভা আৰু সভাৰ স্বৰ্ণ শাখা সৰ্থেবাৰীৰ ভাৰতী অধ্যয়ন চক্ৰৰ যৌথ উদ্যোগত জনপ্ৰিয় ঔপন্যাসিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদ্‌যাপনৰ সামৰণি অনুষ্ঠান ১৭ মাৰ্চত আকৰ্ষণীয় আৰু গাম্ভীৰ্যপূৰ্ণভাৱে সমাপন হয়। সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষে অসম সাহিত্য সভাৰ উপ সভাপতি ডাঃ গিৰীশ সন্দিকৈৰ পৌৰোহিত্যত এখন মুকলি সভা হয়।

‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে এই সভাৰ শুভাৰম্ভণি কৰা হয়।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে জনপ্ৰিয় ঔপন্যাসিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদ্‌যাপনৰ তাৎপৰ্যৰ বিষয়ে বিৱৰণ দিয়ে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই।

প্ৰধান সম্পাদক ড০ শৰ্মাই কয়- যিবোৰ বিষয় সমাজত সমস্যা হিচাপে দেখা দিছিল সেই বিষয়ে এগৰাকী নিভাঁজ আৰু সৎ মানুহ হিচাপে সদা সজাগ সচেতন হিতেশ ডেকাই প্ৰতিটো লেখাৰ মাজেৰে জাতিক জগাই দিছিল। লেখাবোৰে বহু লোকৰ চিন্তাৰ দুৱাৰ মুকলি কৰি দিছিল।

সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক ডঃ ধ্ৰুৱজ্যোতি বৰাই কয় যে, প্ৰখ্যাত ঔপন্যাসিক হিতেশ ডেকা জাতীয়তাবাদী আৰু জাতীয়তাবাদী চিন্তাৰ বিশেষ লোক আছিল। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লয় হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ হেমন্ত ডেকাই।

অনুষ্ঠানত অসম সাহিত্য সভা আৰু সৰ্থেবাৰীৰ ভাৰতী অধ্যয়ন চক্ৰৰ হৈ গুৱাহাটীৰ ‘চন্দ্ৰ প্ৰকাশ’-এ চক্ৰেশ্বৰ ডেকাৰ সম্পাদনাত প্ৰকাশ কৰা ‘ঔপন্যাসিক হিতেশ ডেকা : ব্যক্তি আৰু সাহিত্য প্ৰতিভা’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ গীতা সৰকাৰে। ভাৰতী অধ্যয়ন চক্ৰই জনপ্ৰিয় ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদ্‌যাপনৰ সৈতে সংগতি ৰাখি চক্ৰেশ্বৰ ডেকা সম্পাদনাত প্ৰকাশ কৰা ‘আল্পা গংগা’ বিশেষ সংখ্যা আলোচনী উন্মোচন কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীনেশ বৈশ্যই।

সভাত বিজনী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা গৱেষক-সাহিত্যিক ডঃ প্ৰমথেশ বায়নে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে। চন্দ্ৰ প্ৰকাশৰ স্বত্বাধিকাৰ তথা বিশিষ্ট গ্ৰন্থ প্ৰকাশক ডাঃ ৰবীন্দ্ৰমোহন শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰবীন্দ্ৰ অধ্যাপক ডঃ উমেশ ডেকা, সৰুক্ষেত্ৰীৰ বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ দাস আৰু শুৱালকুছি বুৃুদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ যোগেশ ডেকাই সন্মানীয় অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰদান কৰে।

ভাৰতী অধ্যয়ন চক্ৰৰ সম্পাদক গুণজিৎ চৌধুৰীয়ে শলাগ জ্ঞাপন কৰা এই সভাত অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা-সংস্কৃতি গৱেষণা উপ সমিতিৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা, অসমৰ লোক পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ, প্ৰকাশন উপ সমিতিৰ আহ্বায়ক গোবিন্দ কলিতা, মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, অসম সাহিত্য সভাৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকা, সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক নয়নমণি চৌধুৰী, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱা প্ৰমুখ্যে বহুকেইগৰাকী সাহিত্যকৰ্মী আৰু বিশিষ্ট লোকে ভাগ লয়।

অসম সংগীতেৰে সভা সামৰা হয়। আকৌ পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰনাথ ভূঞাই। স্মৃতি তৰ্পণ কৰে উপদেষ্টা কুলৰঞ্জন ভুঞাই।

হিতেশ ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সাংবাদিক পেন্সনপ্ৰাপক মৃণালমল্ল পাটোৱাৰীয়ে আৰু হেডপণ্ডিত চন্দ্ৰমোহন শৰ্মাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি জ্বলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰবীন্দ্ৰ অধ্যাপক ডঃ উমেশ ডেকাই। ইয়াৰ পাছতে গীত-মাত আৰু কবিতা পাঠ অনুষ্ঠান সম্পন্ন কৰা হয়।

উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদ্‌যাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে ১৬ মাৰ্চত শিক্ষাৰ্থীসকলৰ মাজত ‘হিতেশ ডেকাৰ জীৱন আৰু সাহিত্য’ৰ বিষয়ত বক্তৃতা আৰু কুইজ প্ৰতিযেগিতাৰো আয়োজন কৰা হয়। সন্ধিয়া এশ এগছি বন্তি জ্বলোৱা হয়।