নলবাৰী জিলা কাৰাগাৰত কাৰাবন্দীৰ বাবে অভিলাষী আঁচনি ৰূপায়ণ...
নলবাৰী জিলা কাৰাগাৰত কাৰাবন্দীৰ বাবে অভিলাষী আঁচনি ৰূপায়ণ...  
নলবাৰী

নলবাৰী জিলা কাৰাগাৰত কাৰাবন্দীৰ বাবে অভিলাষী আঁচনি ৰূপায়ণ...

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰী: নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ উদ্যোগত আৰু নাবাৰ্ডৰ অৰ্থ সাহায্যত নলবাৰী জিলা কাৰাগাৰত কাৰাবন্দীসকলৰ বাবে অভিলাষী আঁচনি ৰূপায়ণৰ বাস্তৱিক ব্যৱস্থা লোৱা হৈছে । জিলা কাৰাগাৰখনত প্ৰথমবাৰৰ বাবে কাৰাবন্দীৰ বাবে কাটিং, টেইলৰিঙৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ লগতে মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে যোগৰ প্ৰশিক্ষণ দিবলৈ লোৱা হৈছে ।

এই উপলক্ষে আজি আয়োজিত এটি অনুষ্ঠানত নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক নৱীন ধিংৰাই অভিলাষী কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে । ৬০-গৰাকী কাৰাবন্দীৰ বাবে তিনি মহীয়া এই প্ৰশিক্ষণ অনুষ্ঠান উদ্বোধনৰ আঁত ধৰে নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ সচিব জয়ন্ত শৰ্মাই ।

অনুষ্ঠানত নাবাৰ্ডৰ সহকাৰী প্ৰবন্ধক গৌৰৱ কুমাৰ ভট্টাচাৰ্য, নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কটকী, নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধক উৎপল বেজবৰুৱা, জিলা কাৰাগাৰ অধীক্ষক মেঘনাথ গগৈ, সহকাৰী উপায়ুক্ত সংগীতা দেৱী প্ৰমুখ্যে বিশিষ্ট লোকসকলে অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ।

শিকাৰুসকলে প্ৰশিক্ষণ লাভ কৰি পৰৱৰ্তী সময়ত কাৰাগাৰৰ ভিতৰতে যাতে জীৱন জীৱিকা হিচাপে চলাই নিব পাৰে তাৰ বাবে নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ তৰফৰপৰা পাঁচটা চিলাই মেচিন প্ৰদান কৰা হয় । নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ সদস্যা চন্দনা দেৱীৰ সহযোগত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত নিভা দাসে কাটিং, টেইলৰিং আৰু নয়নমণি শৰ্মাই যোগৰ প্ৰশিক্ষণ দিব ।