agrani khabar
agrani khabar  
নলবাৰী

লোক-কলাৰ একনিষ্ঠ সাধক ৰাধাকান্ত বৰ্মনৰ দেহাৱসান

Asomiya Pratidin

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ বেলশৰ অঞ্চলৰ মোখ খলি গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী,বিশিষ্ট লোক-কলা শিল্পী তথা বেলশৰৰ প্ৰসিদ্ধ পুতুলা নাচৰ গুৰিধৰোতা ৰাধাকান্ত বৰ্মনৰ মঙলবাৰে নিশা নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৭৮ বছৰ। অসমত প্ৰণালীবদ্ধ পুতলা নাচৰ আৰম্ভণি তেওঁলোকৰ জৰিয়তে হৈছিল। কেৱল অসমতে নহয় দেশ,বিদেশৰ বিভিন্ন প্ৰান্তত তেওঁ পুতলা নাচ প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিছিল।সংগীত নাটক একাডেমীয়ে তেওঁক পুৰস্কৃত কৰিছিল।

উল্লেখ্য যে, অসম চৰকাৰে তেওঁক শিল্পী পেন্সন প্ৰদান কৰি সন্মানীত কৰিছিল। ছাত্ৰ সন্থা সহ অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰয়াত বৰ্মনক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অসম কাৰ্বন প্ৰতিষ্ঠানত কৰ্মৰত আছিল। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক প্ৰয়াত ৰাধাকান্ত বৰ্মন ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে সংযুক্ত হৈ চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে ২০২১ চনতে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰিছিল। প্ৰয়াত বৰ্মনে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত নিজকে জড়িত ৰাখি সমাজ সেৱাৰ কাম কৰিছিল। তেওঁ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত এখন সমাজ গঢ়ি তোলাৰ চেষ্টা চলাইছিল।

১৬ এপ্ৰিল, ২০২৪ নিশা প্ৰায় ৯ বজাত ৰাধাকান্ত বৰ্মনৰ শেষ ইচ্ছা অনুসৰি তেখেতৰ মৰণোত্তৰ দেহ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। এই ক্ষেত্ৰত প্ৰয়াত বৰ্মনৰ পৰিয়ালৰ সহযোগিতা আছিল উল্লেখনীয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰয়াত ৰাধাকান্ত বৰ্মনৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমি বিভাগৰ মুৰব্বী ডাঃ ৰূপশেখৰ ডেকাই। দেহ দান অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত বৰ্মনৰ ভাতৃ ভৱকান্ত বৰ্মন,সূৰ্য বৰ্মন সহ অন্য আত্মীয় আৰু ভালেমান গুণমুগ্ধ ব্যক্তি।

ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক,সৰবৰহী সমাজকৰ্মী আৰু লোকশিল্পী ৰাধাকান্ত বৰ্মনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মঞ্চই তেওঁৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।