পহিলা ব’হাগত ৩০০ ব্যক্তিক সম্বৰ্ধনা জনাব নলবাৰী জিলা সাহিত্য সভাই...
পহিলা ব’হাগত ৩০০ ব্যক্তিক সম্বৰ্ধনা জনাব নলবাৰী জিলা সাহিত্য সভাই... 
নলবাৰী

পহিলা ব’হাগত ৩০০ ব্যক্তিক সম্বৰ্ধনা জনাব নলবাৰী জিলা সাহিত্য সভাই...

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত প্ৰতিখন শাখা সভাক স্থানীয় অঞ্চলস্থিত সাহিত্য, সংস্কৃতি, ক্ৰীড়া, অৰ্থনীতি, শৈক্ষিক, সামাজিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা লগতে শিপিনী, ৰোৱনী তথা জ্যেষ্ঠ ব্যক্তিসকলৰ ঘৰলৈ গৈ শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপনেৰে পহিলা ব’হাগৰ দিনটো ‘নিজৰ দিন’ হিচাপে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই সন্দৰ্ভত কয় যে, শুভেচ্ছা জ্ঞাপন কৰিবলগীয়া ব্যক্তিসকলক এই বিষয়ে আগতীয়াকৈ চিঠিৰে অৱগত কৰি শাখা সভাৰ বিষয়ববীয়াসকলে ঘোষিত এই মহৎ অনুষ্ঠান ৰূপায়ণ কৰিব।

ইয়াৰ জৰিয়তে জিলাখনৰ তিনিশৰো অধিক বিশিষ্ট ব্যক্তিক এই দিনটোত সাদৰ শুভেচ্ছা জ্ঞাপন কৰা হ’ব। বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে, নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগতো পহিলা ব’হাগত নিজৰ দিন আৰু কুমাৰ ভাস্কৰ বৰ্মা স্মৃতিদিৱস পালন কৰা হ’ব।

পুৱাৰ ভাগত নলবাৰী অঞ্চলৰ সমাজজীৱনত বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা ক্ৰমে নিৰোদা চৌধুৰী বৰুৱা, নিৰোদ চৌধুৰী, আনন্দ দাস, দেৱেন কলিতা, জগন্নাথ শৰ্মা আৰু হৰিচৰণ মেধিৰ ঘৰলৈ গৈ সাদৰ শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। ইয়াৰ পাছতে সুভদ্ৰা চৌধুৰী ভৱনত হ’বলগীয়া কুমাৰ ভাস্কৰ বৰ্মা স্মৃতিচাৰণ আৰু বক্তৃতানুষ্ঠানত ধমধমা কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুমুদ চন্দ্ৰ গোস্বামীয়ে ‘অসমীয়া জাতি, ভাষা সাহিত্য, সংস্কৃতিলৈ কুমাৰ ভাস্কৰ বৰ্মাৰ অৱদান’ শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰিব।