নলবাৰী

অৱসৰপ্ৰাপ্ত শিক্ষক মহোদৰ বৰ্মনৰ স্মৰণ-সোঁৱৰণী গ্ৰন্থ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ টিহুৰ ভোজকুছি গাঁও নিৱাসী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মহোদৰ বৰ্মনৰ প্ৰথম মৃত্যু বাৰ্ষিকীত এখন স্মৰণ সভাৰ জৰিয়তে সোঁৱৰণী গ্ৰন্থ এখন উন্মোচন কৰা হয়। এই উপলক্ষে বাঘমাৰা নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ সুৰজিৎ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মহোদৰ বৰ্মন সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যিক পেঞ্চনপ্ৰাপক ধীৰেন তালুকদাৰে।

ডঃ বিকুল বৰ্মন আৰু অলকানন্দ ঠাকুৰীয়াৰ দ্বাৰা সম্পাদিত ‘ত্যাগ আৰু সততাই জেউতি চৰোৱা সেই জীৱনস্মৃতি’ নামৰ সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে শৈক্ষিক, সামাজিক, বৌদ্ধিক আদি দিশত আগবাঢ়িবলৈ হ’লে সজ অভিজ্ঞতা লাগিব। সজ অভিজ্ঞতাৰেহে মানুহে সমাজত উন্নতিৰ পথত যাব পাৰে। আকৌ সমাজ উন্নয়নৰ বাবে লাগি থকা এনে লোকক সমাজে এদিন হ’লেও স্বীকৃতি দিবই। কৰ্মৰাজিয়েহে লোক এজনক জীয়াই ৰাখে, বয়সে নাৰাখে।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিকুল বৰ্মনে আঁত ধৰা আৰু সাহিত্যসেৱী অলকানন্দ ঠাকুৰীয়াই সভা আয়োজনৰ উদ্দেশ্যে বাখ্যা কৰা এই সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰ, অসম সাহিত্য সভাৰ আজীৱন সভ্য শিম্ভুৰাম হালৈ, টিহু মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হেমেন ৰাজবংশী, আৰ্যভট্ট একাডেমিৰ প্ৰবক্তা-লেখক অবিনাশ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক হেমন্ত কুমাৰ শীল, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ আমন্ত্ৰিত সদস্য নিতু শৰ্মা, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি হৰিশ্চন্দ্ৰ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত শিক্ষক মোহন বৰ্মন, প্ৰয়াত মহোদৰ বৰ্মনৰ সহপাঠী অৱনী কুমাৰ শৰ্মা উপস্থিত থাকে।

সমাজকৰ্মী কৰুণা ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহাদেৱ ঠাকুৰীয়া, ভোজকুছি গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ৰাঘৱ মজুমদাৰ, বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া পৰেশ হালৈ প্ৰমুখ্যে কেইবাজনেও মহোদৰ বৰ্মনৰ জীৱন-কৰ্মৰ স্মৃতিচাৰণ কৰে। সভাৰ আৰম্ভণিতে মহোদৰ বৰ্মনৰ প্ৰতিচ্ছবিত বন্তি জ্বলায় সহধৰ্মিণী মীনা বৰ্মনে আৰু মাল্যাৰ্পণ কৰে পুত্ৰ ভূচিত্ৰ ভাস্কৰ বৰ্মনে । সভাৰ শেষত ভোজকুছি গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক বসন্ত বৰ্মনে শলাগৰ শৰাই আগবঢ়ায়।