নলবাৰী জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ দিন ঘোষণা...
নলবাৰী জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ দিন ঘোষণা... 
নলবাৰী

নলবাৰী জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ দিন ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সাংগঠনিক নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে জিলা সভাপতি তথা নিৰ্বাচন সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। আজি জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি নিৰ্বাচনৰ প্ৰপত্ৰ সংগ্ৰহ কৰা তাৰিখ চলিত মাহৰ ১৪ আৰু ১৫ মাৰ্চ ।

মনোনয়ন জমা দিয়া তাৰিখ ১৬ মাৰ্চ , নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি আহিব পাৰিব ১৭ মাৰ্চৰ আবেলি ৪ বজাৰ ভিতৰত। ভোটদান পত্ৰ অহা ২১ মাৰ্চৰ ৰাতিপুৱা ১১বজাৰ পৰা নলবাৰী জিলা সাহিত্য সভাৰ শাখা সাহিত্য সভাসমূহে সংগ্ৰহ কৰিব পাৰিব ।

ভোটদান পত্ৰ পোৱাৰ পাছত শাখাসমূহে কাৰ্যনিৰ্বাহক সভা আহ্বান কৰি সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ বাবে এগৰাকীকৈ ব্যক্তিৰ নাম নিৰ্বাচন কৰি ভোটদান পত্ৰ নিজৰ জিম্মাত ৰাখিব । এই ভোটদান পত্ৰ শাখাসমূহে ৩১মাৰ্চ ২০২৩ ইং তাৰিখে আবেলি ৩বজাৰ পূৰ্বে জিলা সভাৰ কাৰ্যালয়ত ৰখা বেলট বাকচত জমা দিব লাগিব।

উক্ত তাৰিখ আৰু সময়ৰ ভিতৰতে ভোটদান পত্ৰ জমা নিদিলে উক্ত ভোট নাকচ কৰা হ'ব । সিদিনা আবেলি ৪বজাত সুভদ্ৰা চৌধুৰী ভৱনত আয়োজন কৰা জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত ভোট গণনা কৰা হ'ব আৰু উক্ত সভাত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব ।

নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰাই নিৰ্বাচনী কাম কাজ পৰিচালিত হ'ব । নিৰ্বাচনী সম্পৰ্কীয় সকলো বিষয়ৰ চূড়ান্ত সিদ্ধান্ত নিৰ্বাচনী সমিতিয়ে গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, সুসংহত ভাৱে পৰিচালনা কৰাৰ বাবে বিগত ৪ মাৰ্চত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই জিলাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাক মুখ্য নিৰ্বাচনী বিষয়া, অধিবক্তাদ্বয় দিপুল তালুকদাৰ আৰু কুটুবউদ্দিন আহমেদক নিৰ্বাচনী বিষয়া ৰূপে মনোনীত কৰে।

আজি নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ত নিৰ্বাচন সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয় আৰু আটাইকেইজন সদস্যই অংশগ্ৰহণ কৰি অধিসূচনা জাৰি কৰে।