নলবাৰী

নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দ্বাৰা আহূত সভাক অবৈধ ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী : ১ মাৰ্চৰ সন্ধিয়া নলবাৰী জিলা সাহিত্য সভাৰ এখন কৰ্ণধাৰ সমিতিৰ সভা সম্পন্ন হয়। জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনত আয়োজিত এই সভাত পৈৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে।

সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই। আজিৰ এই গুৰুত্বপূৰ্ণ সভাত অহা ৩ মার্চত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডঃ লীনা ডেকাই জিলা সাহিত্য সভাৰ তিনিগৰাকী সম্পাদকৰ নামত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰি প্ৰচাৰ কৰা বিষয়টোয়ে ব্যাপক চৰ্চা লাভ কৰে।

সভাত অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্প সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা প্ৰকল্পৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য বিভা বুজৰবৰুৱা, কবিতা ডেকা তালুকদাৰ আৰু প্ৰমোদ ডেকাই এই সভাত উপস্থিত থাকি সভাৰ বিষয় ভিত্তিক আলোচনাত ভাগ লয়। সভাই বিতং আলোচনাৰে নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহৰ দ্বাৰা সাংবিধানিকভাৱে নিবার্চিত সম্পাদক এগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সহকাৰী সম্পাদকে কার্যনির্বাহক সভা আহ্বান কৰা কার্যৰ উদ্বেগ প্ৰকাশ কৰি জিলা সাহিত্য সভাৰ সংহতিৰ খাতিৰত এনে কাৰ্যৰ পুনৰাবৃত্তি কৰা নহওক বুলি মত পোষণ কৰে।

সভাই এই সভাখন সাংবিধানিকভাৱে নিয়ম মাফিক নহয় বুলিও মত পোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰকাৰান্তৰে ৩ মাৰ্চৰ সভাখন আজিৰ কৰ্ণধাৰ সমিতিৰ সভাই অবৈধ ঘোষণা কৰে।

সভাই আলোচনাৰ জৰিয়তে সিদ্ধান্ত লয় যে, ২৭ মার্চত প্রতি বছৰৰ দৰে এইবেলিও বিশিষ্ট সাহিত্যিক, সাংবাদিক, সাহিত্যিক পেঞ্চন প্ৰাপক কৈলাস মল্ল বৰুৱাৰ স্মৃতি দিৱসটি নলবাৰী জিলা সাহিত্য সভা আৰু কৈলাস মল্ল বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰ আজাৰা চান্দকুছি শাখা সাহিত্য সভাৰ সহযোগত বৰ আজাৰা সাংস্কৃতিক প্ৰকল্প চৌহদত আয়োজন কৰাৰ সিদ্ধান্ত লয়। সভাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন এপ্ৰিল মাহৰ পূৰ্বে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

আজিৰ কৰ্ণধাৰ সমিতিৰ সভাই মে’ মাহৰ পূৰ্বে নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত নিষ্ক্ৰিয় শাখাবোৰ সক্ৰিয় কৰাৰ লগতে নতুন শাখা গঠন কৰাৰ বাবে সকলোকে আগভাগ ল’বলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি অন্য কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।