"চিত্তশুদ্ধি"ৰ স্ৰষ্টা মনোৰমা দেৱী আৰু নাই...
"চিত্তশুদ্ধি"ৰ স্ৰষ্টা মনোৰমা দেৱী আৰু নাই... 
নলবাৰী

"চিত্তশুদ্ধি"ৰ স্ৰষ্টা মনোৰমা দেৱী আৰু নাই...

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰীঃ চিত্তশুদ্ধিৰ স্ৰষ্টা, বিশিষ্ট লেখিকা, ধৰ্মপ্ৰাণা নাৰী তথা উত্তৰ বাঁহজানী গাঁৱ পঞ্চায়তৰ প্ৰাক্তন উপ-সভাপতি মনোৰমা দেৱীয়ে আজি নলবাৰী চহৰৰ শান্তিপুৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ লগে লগে বিশিষ্ট নাট্যকাৰ সাংবাদিক তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা মাতৃহাৰা হ'ল আজিৰ অভিশপ্ত দিনটোত।

দীৰ্ঘদিন ধৰি তেওঁ জৰায়ু কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল যদিও পৰিয়ালৰ অশেষ যত্নত জুলীয়া খাদ্য গ্ৰহণ কৰি মৃত্যুৰ সতে যুঁজ দি আছিল। ২০১৭ চনত তেওঁৰ কেঞ্চাৰ ৰোগ ধৰা পৰে যদিও তাৰ মাজতে শক্তিশালী মনৰ নাৰীগৰাকীয়ে দুখনকৈ মূল্যবান গ্ৰন্থ "প্ৰেক্ষাপটত নাৰী "আৰু "চিত্তশুদ্ধি" লিখি উলিয়ায় আৰু আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।

উচ্চমানৰ গদ্যশৈলীৰে লিখা চিত্তশুদ্ধিৰ প্ৰৱন্ধসমূহৰ সাৱলীল তথা অৰ্থপূৰ্ণ শব্দবিন্যাস সচাকৈ প্ৰশংসনীয়।তেওঁ এগৰাকী প্ৰতিভাশালী নামতী আৰু মহিলা সমিতিৰ আগশাৰীৰ সংগঠক আছিল।

দক্ষিণ চান্দকুছি মহিলা সমিতিৰ তেওঁ আছিল প্ৰতিষ্ঠাতা তথা দীৰ্ঘকালৰ সভানেত্ৰী। তেওঁ নলবাৰী লেখিকা সমাৰোহ সমিতি, বিদ্যাপুৰ মাধৱ মন্দিৰ আদিৰ সতে বিশেষ ভাৱে জড়িত আছিল।

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনতো স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মকৰ্তা হিচাপে পৰিচিতমনোৰমা দেৱীয়ে তিনি কুৰি চৈধ্য বছৰ (৭৪) বয়সত ইহ-সংসাৰৰ মায়া ত্যাগ কৰি আঁতৰি যোৱা মনোৰমা দেৱীয়ে মৃত্যুৰ সময়ত স্বামী প্ৰবীণ খেলুৱৈ, জিতেন্দ্ৰ নাথ শৰ্মা, একমাত্ৰ পুত্ৰ ধ্ৰুৱজ্যোতি শৰ্মা তথা বিবাহিত চাৰি কন্যা ক্ৰমে মন্দিৰা শৰ্মা, গীতিকা শৰ্মা, মনীষা শৰ্মা আৰু প্ৰীতিস্মিতা শৰ্মা,চাৰি জোঁৱাই হৰেন ভট্টাচাৰ্য , উৎপল শৰ্মা , পাৰ্থ বৰঠাকুৰ, নিকিভূষণ শৰ্মা আৰু সাতগৰাকী নাতি -নাতিনী এৰি থৈ যায়।

মিতভাষী ৰূপে চহৰৰ চিনাকি মুখৰ এনে এগৰাকী অগ্ৰমাণ্য ব্যক্তিত্বৰ মৃত্যুত সমগ্ৰ নলবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।