নলবাৰী

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক অনিল চৌধুৰীৰ দেহাৱসান

Asomiya Pratidin

ডিজিটেল সংবাদ, দৌলাশাল: অসম আৰক্ষীৰ অৱসৰী উপ আৰক্ষী অধীক্ষক (ডিএছপি),  নিষ্ঠাবান আৰক্ষী বিষয়া, সাহিত্যসেৱী অনিল চৌধুৰীৰ (৬২)ৰ মঙ্গলবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ ১৯৮৭ চনত অসম আৰক্ষীত যোগদান কৰি ৩৪ বছৰে দক্ষতাৰে সেৱা আগবঢ়াই উপ আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা অনিল চৌধুৰীৰ হৃদক্ৰিয়া বন্ধ হৈ মঙ্গলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৃত্যু হয় ৷

১৯৬১ চনৰ ১ জানুৱাৰীত শিক্ষানগৰী পাঠশালাৰ বনগাঁৱত জন্মগ্ৰহণ কৰা অনিল চৌধুৰীয়ে যোৱা ৩১ অক্টোবৰত জ্বৰত আক্ৰান্ত হোৱাত প্ৰথমতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছিল যদিও চিকিৎসাধীন অৱস্থাতে হৃদক্ৰিয়া বন্ধ হৈ মঙ্গলবাৰে তেখেতৰ দেহাৱসান ঘটে ৷ অসম আৰক্ষীত দক্ষতাৰে সেৱা আগবঢ়োৱা অনিল চৌধুৰীয়ে ২০২১ চনৰ ৩১ জানুৱাৰীত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ পৰা উপ আৰক্ষী অধীক্ষক হিচাপে চাকৰি জীৱন সফলতাৰে পৰিসমাপ্তি ঘটাই গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পাটৰকুছিত পৰিয়ালসহ বসবাস কৰি আহিছিল ৷

মুকালমুৱা, কলিয়াবৰ, শিলচৰ, গোৱালপাৰা, কৃষ্ণাই আদিকে ধৰি অসমৰ বিভিন্ন আৰক্ষী থানাত ভাৰপ্ৰাপ্ত (অ'চি) আৰক্ষী বিষয়া হিচাপে জনহিতাৰ্থে কৰ্ম সম্পাদন কৰি জনসাধৰণৰ স'তে মধুৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল ৷ আৰক্ষীত সেৱা আগবঢ়োৱাৰ সমান্তৰালভাবে সাহিত্যৰ জগতখনৰ স'তেও জড়িত আছিল অনিল চৌধুৰীয়ে ৷ আৰক্ষী বিষয়াগৰাকীয়ে অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান “বিৰিণা গোষ্ঠী অসম"ৰ স'তে জড়িত থাকি বিৰিণাৰ বিভিন্ন অনুষ্ঠানত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছিল ৷

বিৰিণা গোষ্ঠী অসমে ২০২০ চনৰ ৫ জুনত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰি দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলা চৌহদত গছপুলি ৰোপণ কৰিছিল প্ৰয়াত আৰক্ষী বিষয়া অনিল চৌধুৰীয়ে ৷ নিষ্ঠাৱান আৰক্ষী বিষয়া তথা সাহিত্যসেৱী অনিল চৌধুৰীৰ মৃত্যুত নলবাৰী জিলাৰ মুকালমুৱা, দৌলাশালকে ধৰি অসমৰ বিভিন্ন ঠাইত শোকৰ ছাঁ পৰিছে ৷

চৌধুৰীদেৱে মৃত্যুৰ সময়ত পত্নী, ২ পুত্ৰসহ আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি বৈকুণ্ঠগামী হয় ৷ নিষ্ঠাবান আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত বিৰিণা গোষ্ঠী, অসমে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ শোকবাৰ্তা প্ৰেৰণ কৰে ৷