চান্দকুছি-জেংপাৰাৰ ফাগুণী উৎসৱত পাৰভঙা উছাহ...
চান্দকুছি-জেংপাৰাৰ ফাগুণী উৎসৱত পাৰভঙা উছাহ... 
নলবাৰী

চান্দকুছি-জেংপাৰাৰ ফাগুণী উৎসৱত পাৰভঙা উছাহ...

Asomiya Pratidin

ডিজিটেল সংবাদ নলবাৰী: 'সংস্কৃতিৰ প্ৰবাহমান গতিধাৰাই একোখন সমাজ সুসংহত ভাৱে নিৰ্মাণ কৰে। মানৱ সভ্যতাৰ যাত্ৰাত, সমাযোজন- সংযুক্তিত সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। সংস্কৃতি ধৰ্মতকৈও প্ৰাচীন।'

দক্ষিণ নলবাৰী অঞ্চলৰ চান্দকুছি -জেংপাৰা গাঁৱৰ গৌৰৱস্বৰূপ ফাগুণী সভা মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি এই মন্তব্য আগবঢ়ায় বিশিষ্ট নাট্যকাৰ সাংবাদিক তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। কৃষ্ণ মন্দিৰৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে যোৱা ১৭ মাৰ্চত অন্ত পৰা সভা মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত সুবক্তা শৰ্মাই কৃষ্ণৰ অৱতাৰী ৰূপৰ বৰ্ণনা দি কয় - কৃষ্ণক শ্ৰদ্ধা নিবেদন কৰাৰ পিছত আন কাকো শ্ৰদ্ধা কৰিবলৈ বাকী নাথাকে।

তেওঁ কয়, মহাভাৰতৰ যুদ্ধৰ প্ৰাকক্ষণত কৰ্ণ যেতিয়া কৃষ্ণৰ মুখামুখি হৈছিল তেতিয়া কৰ্ণই উপলদ্ধি কৰিছিল বাসুদেৱ কৃষ্ণ এনে এজন পৰম পুৰুষ যাক অগ্ৰাহ্য কৰিও অৱশেষত হৃদয়ৰ সন্মানৰ আসনত উপবিষ্ট নকৰাকৈ থাকিব নোৱাৰি । শত্ৰুৰূপে জ্ঞান কৰি সুহৃদ ৰূপে পাবলৈ যদি কামনা কৰিব পাৰি সেইজন হ'ল দৈৱকীনন্দন কৃষ্ণ। কৃষ্ণই ভাৰতবৰ্ষৰ মহাজীৱনৰ স্বৰ্ণ আসনত উপবিষ্ট ।

মন্দিৰ সমিতিৰ সভাপতি দিলীপ তালুকদাৰে আঁত ধৰা আয়োজক সমিতিৰ সভাপতি অজিত তালুকদাৰৰে উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোত প্ৰাগ নিউজৰ গুৱাহাটীস্থ সাংবাদিক প্ৰাণজিত দাস আৰু নলবাৰীৰ সংবাদদাতা হীৰক জ্যোতি ডেকা উপস্থিত আছিল।