বৰনৰ্দ্দীৰ ১০২ সংখ্যক মহাবিষ্ণু যজ্ঞৰ ধৰ্মালোচনী সভাত গ্ৰন্থ উন্মোচন...
বৰনৰ্দ্দীৰ ১০২ সংখ্যক মহাবিষ্ণু যজ্ঞৰ ধৰ্মালোচনী সভাত গ্ৰন্থ উন্মোচন... 
নলবাৰী

বৰনৰ্দ্দীৰ ১০২ সংখ্যক মহাবিষ্ণু যজ্ঞৰ ধৰ্মালোচনী সভাত গ্ৰন্থ উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ চামতাঃ “এবাৰ যদি কিতাপক বন্ধু কৰি ল'ব পৰা যায়, পিছত কিতাপেই জীৱনৰ সংগীহৈ পৰে ৷ কিতাপ হৈছে মানসিক বিকাশ জড়িত জ্ঞান আৰু আনন্দ দিব পৰা এক অমূল্য সম্পদ। যাৰ দাম হীৰা, মুকুতাতকৈ বহুত গুণে বেছি হয়।”এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, নাট্যকাৰ ধ্ৰুৱজ্যতি শৰ্মাৰ ৷

পশ্চিম নলবাৰীৰ বৰনৰ্দ্দীৰ ১০২ মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ আজিৰ চতুৰ্থ দিনাৰ ধৰ্মালোচনী সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপক কৃতি শিক্ষয়িত্ৰী, সাহিত্যিক পেঞ্চনাৰ মীৰা ডেকাৰ দুখন গ্ৰন্থ উন্মোচন কৰি উন্মোচক শৰ্মাই এনেদৰে কয় ৷ ড° শ্ৰীকান্ত শৰ্মা শাস্ত্ৰীয়ে সঞ্চালনা কৰা ধৰ্মালোচনী সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰী প্ৰধান শিক্ষক, সমাজকৰ্মী ভগৱান চন্দ্ৰ ডেকাই ৷

অনুষ্ঠানত অসম গৌৰৱ বঁটা প্ৰাপক মঙ্গলদৈৰ বিশিষ্ট ব্যৱসায়ী অনুপম ডেকা আৰু নাগাৰা নামৰ বিশিষ্ট পাঠক, মোহন ভাইৰা বঁটা প্ৰাপক ৰামচৰণ ভৰালীক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ ধৰ্মালোচনী সভাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘ চালক ডাঃ উমেশ চক্ৰৱৰ্তী, নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দ্বীপজ্যোতি বৰপূজাৰী, সমাজ সেৱক জ্যোতিৰ্ময় শৰ্মা আৰু বেনাৰসৰ সাধু বাবা মনোজ ভৰতীয়ে বেদ বেদান্ত, যাগ-যজ্ঞ আৰু সনতন ধৰ্মৰ বিভিন্ন দিশ সামৰি তত্ত্বগধূৰ আলোচনা আগবঢ়ায় ৷

ধৰ্মালোচনী সভাৰ শেষত ড° শ্ৰীকান্ত শৰ্মা শাস্ত্ৰীৰ পৌৰহিত্যতে সাহিত্যিক,কৃতী শিক্ষয়িত্ৰী মীৰা ডেকাৰ শিশু উপন্যাস “মুকুট মণিৰ সপোন” আৰু “বিজ্ঞান ভৱনত আলোকৰ মেলা” নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে নাট্যকাৰ, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তণ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ৷