নলবাৰী

দৌলাশাল শংকৰদেৱ শিশু নিকেতনত আচাৰ্য সন্মিলন

Asomiya Pratidin

ডিজিটেল সংবাদ, দৌলাশালঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত জাগাৰা সংকুলৰ আচাৰ্য সন্মিলনখন শনিবাৰে নলবাৰী জিলাৰ দৌলাশালস্থিত শংকৰদেৱ শিশু নিকেতনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জাগাৰা সংকুল প্ৰমুখ মনোজ গোস্বামীকে ধৰি জাগাৰা সংকুলৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান আচাৰ্য সকলে ৷ বন্তি প্ৰজ্বলন কৰে দৌলাশাল শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ উপ-সভাপতি নৰেন্দ্ৰ ঠাকুৰীয়াই। গছপুলি ৰোপণ কৰে অৱসৰী শিক্ষক গিৰিন্দ্ৰ বৈশ্য আৰু প্ৰাঞ্জিৎ নাথে।

পুৱা ৯ বজাত বিনোদ কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয় আচাৰ্য সকলৰ ব্যক্তিত্ব বিকাশ কাৰ্যক্ৰম। এই কাৰ্যক্ৰমত জাগাৰা সংকুলৰ আচাৰ্য-আচাৰ্যাসকলৰ মাজত গীত-কবিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰ পিছতে প্ৰাক্তন সংকুল সংযোজক প্ৰণৱ গোস্বামীৰ পৰিচালনাত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা।

বিয়লি মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । দৌলাশাল শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য বিজয় নাথে আঁত ধৰা মুকলি সভাত সভাপতিত্ব কৰে দৌলাশাল শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি অকণ চন্দ্ৰ চৌধুৰীয়ে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জাগাৰা সংকুল সংযোজক দীপজ্যোতি বৰপূজাৰীয়ে শিক্ষা সম্পৰ্কত বক্তব্য প্ৰদান কৰি আচাৰ্যসকলক আচাৰ্য শব্দৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি পণ্ডিত উমাকান্ত দেৱশৰ্মা শাস্ত্ৰী সোঁৱৰণী ফাউণ্ডেশ্যনৰ সচিব জ্যোতিৰ্ময় শৰ্মাই শিক্ষা সম্পৰ্কত চমু বক্তব্য প্ৰদান কৰে। মুকালমুৱাস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কনক চন্দ্ৰ ডেকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰসাল বক্তব্য প্ৰদান কৰে। অতিথি হিচাপে উপস্থিত থাকে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মন , বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠক, দৌলাশাল শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক প্ৰাঞ্জিৎ নাথকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

মুকলি সভাত আচাৰ্য সন্মিলনৰ ব্যক্তিত্ব বিকাশ কাৰ্যক্ৰমত পাৰদৰ্শিতা দেখুওৱা প্ৰতিযোগী আচাৰ্যসকলক বঁটাসমূহ প্ৰদান কৰাৰ লগতে মুকলি সভাতে বৃত্তি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক অধ্যাপক পণ্ডিত উমাকান্ত দেৱশৰ্মা শাস্ত্ৰী সোঁৱৰণী বৃত্তি প্ৰদান কৰা হয়। উল্লেখ্য যে, জাগাৰা সংকুলৰ অন্তৰ্গত দহখন নিকতনৰ আচাৰ্য -আচাৰ্যাসকল উপস্থিত থাকি প্ৰতিটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।