নাগ্ৰীজুলিত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ  আটক তিনিজন...
নাগ্ৰীজুলিত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ আটক তিনিজন... 
অসম

নাগ্ৰীজুলিত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ আটক তিনিজন...

Asomiya Pratidin

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এখন চাৰিচকীয়া বাহন জব্দ কৰে। আনহাতে তিনিগৰাকীকৈ লোকক আটক কৰে।

আৰক্ষীয়ে আটক কৰা লোক কেইজন হৈছে ওদালগুৰি জিলাৰ ২নং খমাবাৰী গাঁৱৰ ৰাজু ব্ৰহ্ম (৩২), কৌপাটিৰ পৱন বিশ্বাস (৪৮) আৰু অংগৰাগাঁওৰ চম্পা দৈমাৰী(৩৪) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে তামুলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ দেওঘৰীয়াই জানিবলৈ দিয়া মতে এক বিশেষ খবৰৰ ভিত্তিত আজি দিনৰ ভাগত নাগ্ৰীজুলি আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক লালচান্দ আলি আৰু আৰক্ষী জোৱান ৰুদ্ৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ সম্মুখত যানবাহনত তালাচী চলায়।

তালাচীৰ সময়ত আৰক্ষীৰ দলটোৱে এ এছ-০১- ভি- ১৫৫৭ নম্বৰৰ এখন বিলাসী চাৰিচকীয়া বাহনৰ পৰা গাঞ্জা ভৰ্তি ৭ টাকৈ পেকেট জব্দ কৰাৰ লগতে গাঞ্জাখিনি সৰবৰাহ কৰা কাৰ্যত জড়িত থকাৰ অভিযোগত ৰাজু ব্ৰহ্মা, পৱন বিশ্বাস আৰু চম্পা দৈমাৰী নামৰ মহিলা এগৰাকীক আটক কৰে।

গাঞ্জা সৰবৰাহ কৰাত ব্যৱহাৰ কৰা বাহনখনো আৰক্ষীয়ে জব্দ কৰে। লোক কেইজনৰ পৰা আৰক্ষীয়ে নগদ ১১ হাজাৰ ৩০০ টকা, কেইবাটাও মোবাইল হেণ্ডচেট আৰু বিভিন্ন ধৰণৰ অপত্তিজনক নথি পত্ৰ জব্দ কৰে। তামুলপুৰ আৰক্ষী খানৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ দেওঘৰীয়াই নাগ্ৰীজুলিত উপস্থিত হৈ গাঞ্জা সৰবৰাহৰ ঘটনাৰ তদন্ত।

আৰম্ভ কৰিছে আৰু আটকাধিন লোক কেইজনক সোধাপোছা অব্যাহত ৰাখিছে। আৰক্ষী বিষয়া ভাস্কৰ দেওঘৰীয়াই জানিবলৈ দিয়া মতে জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৭২ কিলগ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য পৰা তিনিলাখ টকা হ’ব ।

গাঞ্জাখিনি সৰবৰাহকাৰী কেইজনে ওদালগুৰিৰ পৰা ৰঙিয়ালৈ নি থকা অৱস্থাত আৰক্ষীৰ অভিযান কালত জব্দ কৰা হয় আৰু আৰক্ষীৰ এইয়া এক বৃহৎ সাফল্য । উল্লেখ্য যে কিছুদিন পূৰ্বেও নাগ্ৰীজুলি আৰক্ষীয়ে নাগ্ৰীজুলিৰ বগৰীখুটিত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

আটকাধিন তিনিওগাৰাকী লোকক তামুলপুৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে আৰু আটাইকেইজনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।