নগাঁও

নগাঁৱৰ ষ্টেডিয়াম মাৰ্কেটত যুৱকৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটত বৃহস্পতিবাৰৰ সন্ধিয়া এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা মৃতদেহটোৰ প্ৰায় ৩০ বছৰীয়া এজন যুৱকৰ বুলি জানিব পৰা গৈছে।

পেলনীয়া সামগ্ৰী বিচাৰি যুৱকজনে ষ্টেডিয়াম মাৰ্কেটৰ বিল্ডিঙৰ দ্বিতীয় মহলালৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

যুৱকজনে পেলনীয়া সামগ্ৰী বিচাৰি থাকোতে বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হোৱাৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। বাতৰি লিখা সময়লৈকে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই।