নগাঁও

ফৰ্মেলিনযুক্ত চালানী মাছৰ চিণ্ডিকেটকলৈ নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ সংবাদমেল...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যত বৃদ্ধি পাইছে ফৰ্মেলিনযুক্ত মাছৰ অবাধ বিক্ৰী । এই সন্দৰ্ভত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে নতুন বজাৰস্থিত জিলা কাৰ্যালয়ত ফৰ্মেলিনযুক্ত চালানী মাছৰ অবাধ বিক্ৰী সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে ।

অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই সংবাদমেল যোগে কয় যে অসম চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ লগতে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিভাগ আৰু ৰহা মীন মহাবিদ্যালয় যৌথ গৱেষণাত ৮৬ টা নমুনাৰ ভিতৰত ১০ তাতেই ফৰ্মেলিনৰ উপস্থিত ধৰা পৰাৰ পাছতো কিয় মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবদ্য আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিও নিমাত? জিলা প্ৰশাসন, খাদ্য সুৰক্ষা বিভাগ আজিও কিয় নিৰ্বিকাৰ? আশ্চৰ্যকৰ বিষয় যে ৰহা মীন মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য আৰু খাদ্য সুৰক্ষা বিভাগৰ তথ্যৰ মাজত বৈসাদৃশ্য কিয়?

লগতে সভাপতিগৰাকীয়ে কয় অন্ধপ্ৰদেশ, শ্ৰীৰামপুৰ গেটত যদি ফৰ্মেলিন মিহলি নকৰে তেনেহলে ক’ত মিহলি কৰা হয় ? ইয়াৰ লগত জড়িত কোন? তেওঁ কয় যে ফৰ্মেলিন মিহলি কৰাৰ উৎস অজ্ঞাত হোৱা হেতুকে মৎস্য ব্যৱসায়ীসকলে সদ্যহতে ৰৌ, ৰূপচন্দা আদি মাছ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞ আৰোপ কৰক । FSSAI আৰু মীনবিভাগৰ দল কেতিয়া বজাৰত নামি অভিযান চলাব।

যদিহে উপৰোক্ত প্ৰশ্নসমূহ অতি শীঘ্ৰে স্পষ্টকৈ চৰকাৰে ৰাইজক নজনাই আৰু সমাধান নকৰে তেন্তে যুৱ-ছাত্ৰ পৰিষদে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ জড়িয়তে গণতান্ত্ৰিক পন্থাৰে প্ৰতিবাদ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ৷ লগতে তেওঁ সংবাদমেলযোগে ৰাইজলৈ আহ্বান জনাই কয় যে ফৰ্মেলিন মিহলি মাছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ নিকিনাৰ সিদ্ধান্ত লওঁক৷

এইক্ষেত্ৰত ৰাইজক একত্ৰিত হ'বলৈ এখন সজাগতা সভাৰো আয়োজন কৰা হ'ব বুলি জানিব দিয়ে ৷ অসাধু ব্যৱসায়ী সকলক ফৰ্মেলিন মিহলি মাছ বিক্ৰী নকৰিবলৈও শেষবাৰৰ কাৰণে আহ্বান জনায় সংগঠনটোৱে ৷

অন্যথা আইনৰ জড়িয়তে কঠোৰ শাস্তি বিহা হ’ব আৰু ৰাইজক লগতলৈ হাতে-কামে মাছৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব বুলিও স্পষ্ট কৰি দিয়ে। সংবাদমেলত উপস্থিত থাকে কেন্দ্ৰীয় সমিতি ৰ প্ৰচাৰ সম্পাদক দিগন্ত দাস,জিলা সমিতিৰ যুটীয়া সম্পাদক দিব্যজিৎ হাজৰিকা, প্ৰচাৰ সম্পাদক চন্দন ফুকন, সমাজসেৱা সম্পাদক কংকণ বৰা আৰু বিত্ত সম্পাদক দীপাংকৰ শৰ্মা ৷