নগাঁও

নগাঁৱৰ কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰপ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ কঠীয়াতলী বন কাৰ্য্যালয়ৰ অন্তৰ্গত ভিন্ন প্ৰান্তত প্ৰায় ১০দিন ধৰি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰপ। শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা প্ৰায় ২০০ জনীয়া হাতীৰ বৃহৎ জাক এটাৰ বাবে এতিয়া চকুলো টুকিব লগা হৈছে কৃষকে।

দিনে-নিশাই হাতীৰ জাকটোৱে ননৈ, ৰাঙলু, গমাৰিআটি, কছাৰী গাঁও, নিজ কঠীয়াতলী, মহগড়, আহোম গাঁও, বেঙেনাআটি, তেলিয়াআটি, কঠালগুৰি বৰপথাৰত ধান খাই তহিলং কৰাৰ লগতে শ শ বিঘা ধান অনিষ্ট কৰাত কৃষকে মূৰে-কপালে হাত দিব লগা হৈছে। হাতীৰ উপদ্ৰপত আতংকিত উপায়হীন কৃষকে অৱশেষত কেঁচা ধানকে কাটিব লগা হৈছে ।