নগাঁও

নগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ সন্ত্ৰাস...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও কঠীয়াতলীৰ ৰেংবেঙত বৰ্তমানো অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা কেইবাটাও বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷

নিশা বন্যহস্তীৰ আক্ৰমণত কথমপি ভয়াবহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৰোগী কঢ়িয়াই অনা এখন এম্বুলেঞ্চ ৷ আনহাতে ৰেংবেং, গৰুবন্ধা আৰু লুংপুং অঞ্চলত দৈনিক উপদ্ৰৱ চলাই হাতীৰ জাকে ৷ বন্যহস্তীৰ ভিডিঅ আবদ্ধ হৈছে চিচি টিভি কেমেৰাত ৷

ৰাষ্ট্ৰীয় ঘাই পথত দ্ৰুত বেগত গাড়ী সমূহ চলাচল কৰাৰ বাবে বন্যহস্তী পাৰ হোৱাত অসুবিধাৰ সন্মুখীন হয় ৷ স্থানীয় লোকে বন্যহস্তী পাৰ হোৱা স্থানত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷