নগাঁও

ভুৱা ভূগোলৰ প্ৰশ্ন কাকত ভাইৰেল কৰা দুই ছাত্ৰক কৰায়ত্ব..

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ ভুৱা প্ৰশ্ন কাকত ভাইৰেল কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে ছাত্ৰ মাছুম আলিক ৷ নগাঁও চহৰৰ ফৌজদাৰীপট্টি স্থিত উত্তৰন একাডেমিৰ ছাত্ৰ মাছুমক নগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ ক্ৰাইম ব্ৰাঞ্চে জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে ৷

ইফালে মাছুমে আগবঢ়োৱা স্বীকাৰোক্তিৰ ভিত্তিত অসম আৰক্ষীয়ে কৰায়ত্ব কৰিছে আন এজন ছাত্ৰক ৷ জানিব পৰা মতে, কৰায়ত্ব কৰা আনজন ছাত্ৰ হৈছে শিৱসাগৰৰ ৷ মাছুমৰ স্বীকাৰোক্তিৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ছাত্ৰজনক ৷ উল্লেখ্য যে, ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰা ঘটনাৰে জড়িত থকাৰ সন্দেহত অন্য সাতজন ছাত্ৰক আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিব ৷

মাছুম আলিয়ে শুকুৰবাৰে লাভ কৰিছিল ভুৱা ভূগোলৰ প্ৰশ্নকাকত ৷ "PROTEST FOR HSLC SIVSAGAR" নামৰ হোৱাটচএপ গ্ৰুপত মাছুমে ভুৱা প্ৰশ্ন কাকত খনি লাভ কৰাৰ পিছত নতুনকৈ আন এক গ্ৰুপ বনাই প্ৰশ্নকাকতখন ভাইৰেল কৰিছিল ৷ পূৰ্বৰ গ্ৰুপটোত থকা ৬০০ সদস্যই আছিল ছাত্ৰ ছাত্ৰী ৷