নগাঁও

বটদ্ৰৱা থানত উপস্থিত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰণ ৰিজিজু

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰণ ৰিজিজু । কেইবাখনো দলীয় সভাৰ উদ্দেশ্য কৰি শনিবাৰে মহাপুৰুষ জনাৰ জন্মস্থানত উপস্থিত হয় ।

বটদ্ৰৱা বৰভেটি গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী ব্যক্তিৰ গৃহত দুপৰীয়া আহাৰ গ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । বটদ্ৰৱাত উপস্থিত হৈ অসমীয়া সাজ পৰিধান কৰি পোনে পোনে কীৰ্তনঘৰত প্ৰবেশ কৰি শৰাই নৈবেদ্য আগবঢ়াই সেৱা গ্ৰহণ কৰে।

তদুপৰি বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত গুৰুজনাৰ পদ চিহ্ন সম্বলিত পদশিলা দৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।