নগাঁও

জখলাবন্ধাত গছৰ ডাল পৰি পথ বন্ধ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত বৃহস্পতিবাৰে সন্ধিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গছ এডালৰ ডাল উভালি পৰে। ফলত পথছোৱা আবদ্ধ হৈ পৰাত যাত্ৰীসকল সমস্যাৰ সন্মুখীন হয়।

পথছোৱাৰ মাজত গছৰডাল উভালি পৰাত উজনি নামনিৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে। দুয়োকাষে শতাধিক যান বাহন আবদ্ধ হৈ পৰা দেখা যায়। জানিব পৰা মতে সামান‍্য বতাহতে পথৰ কাষত থকা এজোপা গছৰ এটা প্ৰকাণ্ড ডাল ভাঙি পথৰ মাজত পৰে ।

ঘটনাস্থলীত নগাঁও বন সংমণ্ডল বিষয়া উপস্থিত হৈছে যদিও বৰ্তমানলৈকে পথছোৱা মুকলি হোৱা নাই ।