চুৰি কাণ্ড
চুৰি কাণ্ড 
নগাঁও

জামুগুৰিহাটত চুৰিকাণ্ড, নগদ ধনসহ লক্ষাধিক টকাৰ সোনৰ আ-অলংকাৰ চুৰি..

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলত চুৰি কাণ্ড । নিশা লোহাৰ গ্ৰীল ভাঙি প্ৰবেশ কৰি চোৰৰ দলে লক্ষাধিক টকা মূল্যৰ সা সম্পত্তি চুৰি কৰি নিয়ে ।

নকুল দে নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে এই চুৰিৰ ঘটনা । ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহন কৰি চোৰৰ দলটোৱে তিনিটাকৈ গডৰেজ ভাঙি লুটি নিলে নগদ ১০ হেজাৰ টকা আৰু আ অলংকাৰ ৷

চুৰি হোৱা সম্পত্তিৰ মূল্য প্ৰায় ১ লাখ ২৫ হেজাৰ মান হব বুলি জনাইছে গৃহস্থই ৷ গৰাকীয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দখল কৰে । চুৰিকাণ্ড সন্দৰ্ভত জামুগুৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷