নগাঁও

কঠীয়াতলীত তিৱাসকলে পালন কৰিলে মাঘ বিহু

Asomiya Pratidin

ডিজিটেল সংবাদ,কঠীয়াতলী : বুধবাৰে মধ্য অসমৰ তিৱাসকলে মাঘ বিহু পালন কৰে। বিগত বৰ্ষৰ দৰে এইবৰ্ষতো কঠীয়াতলীৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওপৰবৰ লালুং গাঁৱত দেখা গ'ল এক সুন্দৰ পৰিৱেশ।

পুৱাৰে পৰা গাঁৱখনত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি মঙলবাৰে উৰুকাৰ আয়োজন কৰি ভোজ ভাত খায় আজি পুৱাই মেজি জ্বলাই গাঁৱখনৰ লোকসকলে পালন কৰে মাঘ বিহুৰ উৎসৱ।

তেওঁলোকৰ এই বিহুত উৰুকা দিনা বুকলুং বিলত সমজুৱাকৈ মৎস্য চিকাৰ কৰে আৰু গাঁৱখনৰ সোঁ-মাজত মেজি ঘৰ সাজি পুৰুষ-মহিলা,ডেকা-গাভৰু,বৃদ্ধ-বদ্ধা সকলোৱে মিলি এসাঁজ খাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। মাংগলিক নীতি-নিয়মৰ মাজেৰে সকলো কাৰ্য্য সমাপ্ত কৰি গাঁৱখনৰ সকলোৱে নাচি বাগি মিলাপ্ৰীতিৰে ভোজ -ভাত খাই আনন্দত আত্মহাৰা হৈ পৰে।

প্ৰতিকূল বতৰ আৰু শীতৰ সেমেকা ভোগৰ উৎসৱ ভোগালীৰ এনে হেন বতৰত গাঁৱখনৰ সকলোৱে মিলাপ্ৰীতিৰে অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত হোৱা সকলোক আয়োজক সমিতিয়ে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰে।