নগাঁও

লেখিকা সংস্থা অসম, নগাঁও শাখাৰ দশম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ লেখিকা সংস্থা অসম, নগাঁও শাখাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনখনি দিনজোৰা কাৰ্যসূচীৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায়। দেওঁবাৰে পুৱা ভাগত সংস্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে সভানেত্ৰী উপমা মজুমদাৰে।

সংস্থাৰ উপদেষ্টা সুবৰ্ণ গোস্বামীয়ে উদ্বোধন কৰা অনুষ্ঠানটি কণমানি ছাত্ৰী তপস্যা মহন্তই এটি বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰে।

বিয়লি লেখিকা সংস্থাৰ সভানেত্ৰী উপমা মজুমদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে বিগত কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদিকা দীপিকা নাথে।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে সাহিত্যিক বিনু লস্কৰ ঠাকুৰীয়া, সমাজকৰ্মী মুকুট ভূঞা আৰু জ্যেষ্ঠ অধিবক্তা শৰৎ শৰ্মাই।

সাহিত্যিক বিনু লস্কৰ ঠাকুৰীয়াই ভাষণ প্ৰসংগত সংস্থাৰ নগাঁও শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী বীণা শৰ্মাৰ জীৱন আৰু কৃতি সম্পৰ্কে আলোকপাত কৰে।

অনুষ্ঠানতে পত্ৰিকা সম্পাদিকা পূৰবী চক্ৰৱৰ্তী সূত আৰু সহ সম্পাদিকা গীতা মহন্ত শইকীয়াৰ দ্বাৰা সম্পাদিত সংস্থাৰ মুখপত্ৰ "মন্দাকিনী" উন্মোচন কৰে প্ৰাক্তন শিক্ষক ভাৰত চন্দ্ৰ নাথে আৰু সংস্থাৰ উপদেষ্টা সুবৰ্ণ গোস্বামীৰ দুখনকৈ গ্ৰন্থ ক্ৰমে 'ধৰ্ম-সাহিত্য-নাৰী-ইত্যাদি' আৰু 'লোকসেৱক হলধৰ ভূঞা' উন্মোচন কৰে যথাক্ৰমে ভাৰত চন্দ্ৰ নাথ আৰু মুকুট ভূঞাই ।

সংস্থাৰ আই পদ্মপ্ৰিয়া শাখাৰ অৰুণা বৰা, কাৰুণ্য ভট্টাচাৰ্য, খৰ্গেশ্বৰী বৰা, লীনা সন্দিকৈ, গুণদা গোস্বামী, বন্তি চেতিয়া, ভাৰত গোস্বামী, ৰাতুল শৰ্মা, গৌৰী বল্লভ গোস্বামী, তাৰিণী শৰ্মাকে প্ৰমুখ্য কৰি চাৰি কুৰিৰো অধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত ভূপেন্দ্ৰ সংগীত, গোৱালপৰীয়া লোকগীত, আধুনিক গীত, কবিতা পাঠ আদি পৰিৱেশনেৰে মুখৰিত কৰি তোলে।

উল্লেখ্য যে উক্ত অনুষ্ঠানতে সাহিত্য জগতলৈ বিশেষ বৰঙণি আৰু সংস্থালৈ অনবদ্য অৰিহণা আগবঢ়োৱাৰ বাবে পূৰৱী চক্ৰৱতী সূত আৰু দীপিকা নাথক সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ পূৰ্বে অনুষ্ঠিত বিষয় বাছনি সভাত গুণদা গোস্বামীক সভানেত্ৰী, বন্তি চেতিয়া শইকীয়াক সাধাৰণ সম্পাদিকা হিচাপে লৈ সংস্থাৰ এখন নতুন সমিতি গঠন কৰা হয়।