চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমাৎ সুস্থ হৈ উঠিছে আহুতলীত উদ্ধাৰ হোৱা আহত বন্যহস্তীটো
চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমাৎ সুস্থ হৈ উঠিছে আহুতলীত উদ্ধাৰ হোৱা আহত বন্যহস্তীটো  
নগাঁও

চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমাৎ সুস্থ হৈ উঠিছে আহুতলীত উদ্ধাৰ হোৱা আহত বন্যহস্তীটো

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ ক্ৰমাৎ সুষ্ঠ হৈ উঠিছে নগাঁৱৰ কন্দলী আহুতলিত প্ৰত্যক্ষ কৰা আঘাতপ্ৰাপ্ত বন্যহস্তীটো ৷ নগাঁৱৰ ননৈ শ'লমাৰীত বৰ্তমানো চলি আছে হাতীটোৰ চিকিৎসা ৷

কাজিৰঙাৰ পৰা অহা এটা চিকিৎসকৰ দলে আহত হাতীটোৰ চিকিৎসা চলায় আছে ৷ উল্লেখ্য যে, কন্দলী আহুতলি গড়গাঁৱৰ পাহাৰৰ নামনিত আঘাতপ্ৰাপ্ত বন্যহস্তীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিছিল বন বিভাগক।

আঘাতপ্ৰাপ্ত বন্যহস্তীৰ চিৎকাৰত সমগ্ৰ অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছিল । বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীটো কোনো দুষ্ট লোকে আক্ৰমণ কৰাৰ ফলতে আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে ৷

হাতীটোৰ এটা ভৰিত আঘাত পোৱাত যথেষ্ট চিৎকাৰ কৰা পৰিলক্ষিত হৈছিল । কঠীয়াতলী বন বিভাগে হাতীটোৰ আহাৰৰ ব্যৱস্থা কৰাৰ লগতে উপযুক্ত চিকিৎসা প্ৰদান কৰাত বৰ্তমান বহুখিনি সুষ্ঠ হৈ উঠিছে বন্যহস্তীটো।

ইফালে বন্যহস্তীটোৰ চিকিৎসাত নিয়োজিত হৈ থকা এগৰাকী চিকিৎসকে আমাৰ আগত কয়, ''নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা হাতীটোক চিকিৎসা কৰি আছো। প্ৰথম প্ৰথম আহুতলিৰ ১৩ নম্বৰ শিবিৰৰ ওচৰত প্ৰত্যক্ষ কৰিছিলো। তাতেই শিবিৰ স্থাপন কৰি আমি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰোঁ। তাৰ পাছৰ পৰা ধাৰাবাহিকভাৱে চিকিৎসা চলি আহিছে। আজি কাজিৰঙাৰ পৰা এটা চিকিৎসকৰ দল আহিছে। তেওঁলোকেও আমাক কিছু পৰামৰ্শ দিছে। সেই অনুসৰি চিকিৎসাৰ ব্যৱস্থা কৰিছো। ৰাইজক অনুৰোধ জনাইছো যাতে তেওঁলোকে আমাক সহায়, সহযোগিতা আগবঢ়ায যায়। ''