'খাবলৈ বহিছো , আমনি নকৰিব' - নগাঁৱৰ ৰাজপথত খাদ্য লৈ এজন বৃদ্ধ...
'খাবলৈ বহিছো , আমনি নকৰিব' - নগাঁৱৰ ৰাজপথত খাদ্য লৈ এজন বৃদ্ধ...  
নগাঁও

'খাবলৈ বহিছো , আমনি নকৰিব' - নগাঁৱৰ ৰাজপথত খাদ্য লৈ এজন বৃদ্ধ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও চহৰৰ ৰাজপথৰ মাজত এজন বৃদ্ধ লোক ৷ অত্যাধুনীক আলোকৰ তলত বুটলি অনা এমুঠি আহাৰ মেলি লৈছে খাবৰ বাবে ৷ বৃদ্ধজনে নাজানে সেই খাদ্য খাবৰ বাবে কিমান উপযুক্ত ৷ পেটত ভোক আছে যদিও তেওঁ সেই খাদ্যৰে নিবাৰন কৰিব ক্ষুধা ৷

অত্যাধুনীক পোহৰৰ তলত, মূল পথৰে অহা যোৱা গাড়ীৰ পোহৰে বৃদ্ধ জনক মাজে মাজে আমনি কৰে ৷ মুখেৰে ভোৰ-ভোৰাই উঠে ৷ আকৌ খাবলৈ লয় ৷ খাই বৈ উঠি নিশাটো তেওঁ বোলে তাতে কটাব ৷

'নকৰিব, নুতুলিব, মোক মোৰ মতে থাকিবলৈ দিয়ক ৷ লাভ নাই বুজিছে ৷ লাভ নাই' - এই বক্তব্য বৃদ্ধ জনৰ ৷ নিশা আগবঢ়াৰ লগে লগে শীতৰ প্ৰকোপ বৃদ্ধি পাব ৷ পাতল কাপোৰ কেইখন লৈ বৃদ্ধ জন নিশা বোলে তাতে শুব ৷

নগাঁও চহৰৰ ক্লক টাৱাৰৰ তলত এই দৃশ্য ৷ ক্লক টাৱাৰৰ কাষতে আছে উপায়ুক্ত কাৰ্যালয় ৷ নগাঁও মহাবিদ্যালয় , প্ৰধান ডাকঘৰ ৷ একেদৰে আছে স্বাস্হ্য বিভাগৰ যুটীয়া স্বাস্হ্য সঞ্চালকৰ কাৰ্যালয়, লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় আদি ৷

কাষত আছে বৃহৎ এলেকাৰ ব্যৱসায় প্ৰতিস্হান ৷ কিন্তু এই বৃদ্ধ জনৰ ওপৰত কাৰো চকু নপৰে ৷ নগাঁৱতে আছে অসহায়, নিৰাশ্ৰয় বৃদ্ধক আশ্ৰয় দিয়াৰ বাবে চৰকাৰী আচঁনি ৷

নগাঁৱৰ একাধিক স্বেচ্ছাসেৱী সংগঠনে অসহায়, নিৰাশ্ৰয় বৃদ্ধ লোকক আশ্ৰয় দিয়াৰ বাবে কাম কৰি আছে ৷ চৰকাৰী ভাবে ব্যৱস্হা আছে উদ্ধাৰ অভিযান চলাই আশ্ৰয় দিয়াৰ ৷

স্বাস্হ্য পৰীক্ষা কৰাৰ ব্যৱস্হা ৷ কিন্তু এই বৃদ্ধজনক চৰকাৰী কোনো ব্যৱস্হাই স্পৰ্শ কৰিব পৰা নাই ৷

কিছু পৰিমানে মানসিক ভাবে অসুস্হ আৰু শাৰীৰিক ভাবে দুৰ্বল বৃদ্ধজন ৷ 'মোৰ নাম হুছেইন ৷ পাঠৰিত ঘৰ ৷ খাবলৈ বহিছো ৷ আমনি নকৰিব' - ক্ষোভেৰে ক’লে প্ৰায় ৬৫ বছৰীয়া বৃদ্ধ জনে ৷