কলং
কলং 
নগাঁও

কলঙে পুনৰ ঘূৰাই পাব নিজৰ ৰূপ, আৰম্ভ খনন আৰু নিকাকৰণ কাৰ্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত আৰম্ভ হ'ল কলং নদীৰ খনন আৰু নিকাকৰণ কাৰ্য ৷ ইয়াৰ লগে লগে যৌৱন ঘূৰাই পাব নগাঁৱৰ কলং সুঁতিয়ে ৷ পুনৰ উজ্জীৱিত হৈ উঠিব নগাঁও বাসীৰ আয়ুসৰেখা স্বৰূপ কলং সুঁতিখনে। আতৰিব কলঙৰ বুকুৰ আৱৰ্জনা বোৰ ।

পুনৰ প্ৰাণচঞ্চলা হৈ উঠিব কলং । কলঙে পুনৰ ঘূৰাই পাব নিজৰ ৰূপ। ইতিমধ্যে পৰীক্ষামূলক ভাৱে আৰম্ভ হৈছে চহৰৰ মাজমজিয়াৰ প্ৰায় তিনি কিলোমিটাৰ কলং সূঁতিৰ বুকুৰ খনন আৰু নিকাকৰণৰ কাম ।

নগঞা ৰাইজৰ বহুদিনীয়া আশা আৰু প্ৰত্যাশাৰ অন্তত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত সোমবাৰৰ পৰা আৰম্ভ হৈছে এই কলং খনন আৰু নিকাকৰণ কাৰ্য । এই সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয় , কঙলৰ খনন ইতিমধ্যেই আৰম্ভ হৈছে । পৰ্যায়ক্ৰমে খনন কৰা হ'ব । লগতে বিধায়কগৰাকীয়ে কয় যে এইয়া আমাৰ সংকল্প ।

কলং খনন আৰু নিকাকৰণ কাৰ্য