নগাঁও

নগাঁৱত জুনিয়ৰ টেনিচ প্ৰতিযোগীতা

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ সোত্তৰ জানুৱাৰীৰ পৰা নগাঁৱত আৰম্ভ হ’ব অল আসাম জুনিয়ৰ ৰেংকিঙ টেনিচ প্ৰতিযোগিতা ৷ নগাঁৱৰ আবৰ্তভৱনৰ কাষত থকা নগাঁও টেনিচ ক্লাৱৰ খেলপথাৰত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব ৷ ল’ৰা আৰু ছোৱালী দুয়োটা শাখাতে প্ৰতিযোগিতা খনি অনুষ্ঠিত হ'ব ৷

প্ৰতিযোগিতা খনিত ১০বছৰৰ তলৰ প্ৰতিযোগিৰ লগতে ১২ আৰু ১৪ বছৰৰ শাখাত অনুষ্ঠিত হ'ব । নুৰুল আমিন মেম’ৰিয়েল অল আসাম জুনিয়ৰ ৰেংকিঙ টেনিচ প্ৰতিযোগিতা খনি অহা ২০ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগীতাৰ ভৰ্তি মাছুল ৫০০শ টকা ৷ ১৭ জানুৱাৰীৰ পুৱা ৯ বজাৰ পৰা প্ৰতিযোগিতা খনি আৰম্ভ হব বুলি নগাঁও টেনিচ ক্লাবৰ সাধাৰন সম্পাদক ৰূপ ৰঞ্জন দাসে জনাইছে ৷