বিদায় সম্বৰ্ধনা অনুষ্ঠান
বিদায় সম্বৰ্ধনা অনুষ্ঠান 
নগাঁও

জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যলয়ৰ জেষ্ঠ শিক্ষক দীগেন বৰুৱাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাওঁ জিলাৰ জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যায়ৰ জ্যেষ্ঠ শিক্ষক দীগেন চন্দ্ৰ বৰাৰ বিদায় সম্বৰ্ধণা সভাখনি বৃহস্পতিবাৰে আনুষ্ঠানিক ভাবে অনুষ্ঠিত হৈ যায় ।

বিদ্যালয়খনৰ জেষ্ঠ শিক্ষক অনিল চন্দ্ৰ নাথে আঁতধৰা অনুষ্ঠানটিত সভাপতিত্বত কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিপক কুমাৰ হাজৰিকাই ।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী শিক্ষক জয় কৃষ্ণ দাসে ।

সভাত জেষ্ঠ শিক্ষক অনিল চন্দ্ৰ নাথ, বিশিষ্ট অতিথি জয়কৃষ্ণ দাস, জুৰী দেৱী আৰু ৰিজু মণি বৰাই বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকীৰ গুন-গৰিমা, ছাত্র-ছাত্রীৰ লগত থকা মধুৰ সম্পৰ্কৰ বিষয়ে বক্তব্য ৰখাৰ লগতে সকলো ছাত্র-ছাত্রীক আশীষ প্রদান কৰে ।

বিদায় সম্বৰ্ধনা অনুষ্ঠান

বিদায়ী শিক্ষক দীগেন বৰাক বিদ্যালয়ৰ শিক্ষকগোট আৰু সমূহ ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা এখনি সম্বর্ধনা পত্র, চেলেং, গামোচা আৰু এখনি কীৰ্ত্তন ঘোষাৰে সম্বর্ধনা জ্ঞাপন কৰা হয় ৷

সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উৎপল বৰদলৈয়েও তেখেতৰ অভিমত দাঙি ধৰে ।

সভাখনিত উপস্থিত থাকে শিক্ষক-শিক্ষয়িত্ৰীসকল ক্ৰমে নোমল চন্দ্ৰ বৰদলৈ, জ্যোতিৰেখা ভূঞা, তুষাৰ জ্যোতি ফুকন, শতভিষা ফুকন, বন্দনা ডেকা, শোভাশ্ৰী বৰা আৰু জগমোহন নাথ, বিশ্বজিৎ নাথ আৰু বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীবৃন্দ ।