নগাঁও

নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক পূৰ্ণাংগ বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক পূৰ্ণাংগ বাৰ্ষিক অধিবেশন খনি ৩০-৩১ জানুৱাৰীত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । মঙলবাৰে শেষৰ দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮:৩০ বজাত পৰিষদৰ পতাকা উত্তোলন কৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু দাসে ৷

পুৱা ৯ বজাত শ্বহীদ তৰ্পন কৰে অতুল চন্দ্ৰ বৰা,তিলক গায়ন,দিপুল শইকীয়াই ৷ পুৱা ১০:৩০ বজাত প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক উদ্বোধন কৰে নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ৷

ইয়াৰ পাছতে কাৰ্যক্ৰমণিকা অনুসৰি পৰিষদৰ সাংগঠনিক দিশৰ ওপৰত আলোচনাৰ অন্তত,সভাপতিৰ মন্তব্য,শলাগৰ শৰাই,জিলা সমিতিৰ হৈ সভপতিৰ পদত্যাগ,পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে নতুন সমিতি গঠনৰ প্ৰস্তাৱ,প্ৰতিনিধি সভাৰ কাৰ্যসূচী সামৰণি ঘোষণাৰ লগতে দিনৰ ১ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা ৷

মুকলি সভাখনি সভাপতিত্ব কৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্ম্মাই ৷ মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বৰ্নালী ডেকাই ৷

মুকলি সভাত উপস্থিত থাকি কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৰাজীৰ ওপৰত সাবলীল ভাষণ প্ৰদান কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদ্দেষ্টা বাসৱ চন্দ্ৰ কলিতাই ৷ মুকলি সভাতে শিক্ষাবিদ লৱকান্ত শৰ্মাৰ সম্পাদনাত “কৰ্মবৃক্ষ” নামৰ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে নগাঁও মহাবিদ্যালয় অধ্যক্ষ ড°শৰৎ বৰকটকীয়ে ৷

অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা ৷ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে নগাঁৱৰ বিধায়কদ্বয় ৰূপক শৰ্মা,জিতু গোস্বামীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল ৷ অনুষ্ঠানত নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান দীলিপ কলিতা ।

মুকলি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতিদ্বয় ৰুহুল আমিন,শৰৎ দাসৰ ওপৰি কেইবাজনো বিষয়ববীয়া আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি অসম চৰকাৰৰ কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৰাজীৰ ওপৰত বিষদভাৱে নিজস্ব বক্তব্য আগবঢ়াই ৷ সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বালনৰ শুভাৰম্ভ কৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উপদ্দেষ্টা অতুল মজুমদাৰ,কৃষ্ণ শইকীয়া,মানিক শইকীয়া,প্ৰদীপ দেৱনাথৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া সকলে ৷ ইয়াৰ সমান্তৰালভাৱে সন্ধিয়া নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া নিৰ্বাচনৰে দুদিনীয়াকৈ আয়োজিত ৩৭সংখ্যক পূৰ্নাংগ বাৰ্ষিক অধিবেশনৰ সফল সামৰণি পৰে ৷

ইফালে, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে যজ্ঞেশ্বৰ ৰাজখোৱাক সভাপতি আৰু শ্যামন্ত দাসক সাধাৰণ সম্পাদক হিছাপে লৈ এখনি শক্তিশালী সমিতি নিৰ্বাচিত কৰা হয় ৷