নগাঁও

কলিয়াবৰৰ বাগৰিত মহকুমা প্ৰশাসনৰ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰৰ বাগৰিত কলিয়াবৰ মহকুমা প্ৰশাসনে পথৰ দুয়োকাষে যান-বাহন পাৰ্কিং কৰিব নোৱাৰাকৈ বৃহৎ নলা খান্দোৱা কাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে স্থানীয় ব্যৱসায়ীসকল ক্ষুব্ধ হৈ পৰে। উল্লেখ্য যে,দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পথৰ দুয়োকাষে থকা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত পাৰ্কিঙৰ ব্যৱস্থা নকৰিবলৈ মহকুমা প্ৰশাসনে পূৰ্বে ঘোষণা কৰিছিল যদিও ব্যৱসায়ীসকলে বিষয়টোত গুৰুত্ব আৰোপ কৰা নাছিল।

সেয়েহে আজি প্ৰশাসনে পথৰ দুয়োকাষে যান-বাহন পাৰ্কিং কৰিব নোৱাৰাকৈ বৃহৎ নলা খন্দাৰ ব্যৱস্থা কৰে। পূৰ্বে কলিয়াবৰ মহকুমা প্ৰশাসনে বাগৰিত অবৈধ ভাবে পাৰ্কিং কৰা বাহনৰ গৰাকীক পাৰ্কিং বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ অমান্য কৰি পুনৰ পথৰ কাষত পাৰ্কিং কৰিছিল বাহনসমূহ। সেয়ে আজি পুৱাই কলিয়াবৰ মহকুমা প্ৰশাসনে নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত অভিযান তীব্ৰতৰ কৰি তোলা দেখা যায়।