নগাঁও

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৱেবচাইট মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত শনিবাৰে গৱেষণা প্ৰতিষ্ঠানৰ ৱেবচাইট মুকলি কৰা হয়। প্ৰতিষ্ঠানৰ অধ্যক্ষ শিক্ষাবিদ তথা গৱেষক, পণ্ডিত ড০ নৰেন কলিতাই কম্পিউটাৰ বুটাম টিপি ৱেবছাইটটো মুকলি কৰে।

গৱেষণা কেন্দ্ৰত সংৰক্ষণ হৈ থকা অসমৰ জাতীয় জীৱনৰ দাপোন স্বৰূপ প্ৰাচীন সাচিপতীয়া পুথি সমূহৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণকে আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সমৃদ্ধ বিষয় সমূহ অনুসন্ধিৎসু লোকৰ বাবে এতিয়াৰ পৰা উক্ত ৱেবছাইটত উপলব্ধ হ'ব। ৱেবচাইট মুকলি কৰি দিয়া চমু ভাষণত ড০ নৰেন কলিতাই গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত এনে এটা বৃহৎ প্ৰকল্পৰ সাকাৰ ৰূপ দিব পৰাটো প্ৰতিষ্ঠানটোৰ বাবে এক বৃহৎ সাফল্য বুলি পৰিগণিত হ'ব বুলি মন্তব্য কৰে।

গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁত ধৰা সভাখনত কাৰ্য্যকৰী সভাপতি, অতুল মহন্ত, ড০ ত্ৰিদিপ গোস্বামী, শিল্পী ৰঞ্জিত মহন্ত, অধ্যাপক ড০ ধনঞ্জয় কুশ্ৰে, অধ্যাপক বিষ্ণু চৰণ নায়ককে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

ইফালে ৱেবছাইট মুকলি অনুষ্ঠানৰ শেষত নগাঁও লোকসভা সমষ্টিক সাংসদ প্ৰদ্যুত বৰদলৈ উপস্থিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থকা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানটিৰ উত্তৰণৰ বাবে আগন্তুক দিনত বহু কৰিবলগীয়া আছে বুলি মন্তব্য কৰে।