নগাঁও

বিশিষ্ট সমাজকৰ্মী দীননাথ হাজৰিকাৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰঃ কামপুৰ তেঁতেলীসৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী বয়োজ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত সমবায় বিভাগৰ কৰ্মচাৰী দীননাথ হাজৰিকা(৯৯) ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে। ১৯২৫ চনতে জন্ম লাভ কৰা দীননাথ হাজৰিকা জৱাহৰলাল নেহৰু আৰু বিনোৱা ভাবেৰ সান্নিধ্যৰ সমাজৰ বহু সেৱা আগবঢ়াই আহিছিল।

তেঁতেলীসৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতাৰে জীৱন আৰম্ভ কৰা প্ৰয়াত হাজৰিকা একশৰন ভাগৱতী সমাজৰ পালনাম থান নিৰ্মাণ কমিটিৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু উপসভাপতি ,তেঁতেলীসৰা শান্তি বিদ্যাপীঠ হাইস্কুলৰ প্ৰতিষ্ঠা কালৰ অন্যতম অংশীদাৰ,কামপুৰ সাহিত্য সভাৰ আজীৱন সদস্যৰ লগতে বৃহত্তৰ কামপুৰ অঞ্চলৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় কাজৰ সৈতে ওতঃপ্ৰোত জড়িত আছিল।

আজি বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে যথেষ্ট সংখ্যক গুণমুগ্ধ লোক তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত দীননাথ হাজৰিকাৰ নশ্বৰ দেহ অঞ্চলটোৰ দুই শতাধিক লোকে গায়ন বায়নৰ জৰিয়তে এক মৌন সমদল বাহিৰ কৰে ।

সমাজকৰ্মীগৰাকীৰ মৃত্যুত কামপুৰ উন্নতি সাধিনী সভা, কামপুৰ শাখা সাহিত্য সভা,কামপুৰ প্ৰেছক্লাৱ, নগাঁও জিলা সাহিত্য সভা ,কামপুৰ প্ৰাক্তন ছাত্ৰ সন্থা, আৰোহণ গোষ্ঠী , সমাজকৰ্মী নিৰঞ্জন বৰা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।

মৃত্যুৰ সময়ত প্ৰয়াত হাজৰিকাই নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, ৪গৰাকী পুত্ৰ, এগৰাকী কন্যাসহ যথেষ্ট সংখ্যক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।