শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন... 
নগাঁও

শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ "পৰীক্ষাত ভাল ৰিজাল্ট কৰাটো ডাঙৰ কথা নহয় তাতকৈ এজন ভাল মানুহ হোৱাটোহে ডাঙৰ কথা l"- কলিয়াবৰৰ কুঁৱৰীটোলত ১৯৯১ চনতে ৰাজহুৱা খণ্ডত স্থাপিত শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ শুকুৰবাৰে ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, সমলোচক উপেন্দ্ৰ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এই মন্তব্য কৰে। তেওঁ এজন ভাল ছাত্ৰ দেশৰ সম্পদ বুলিও অভিহিত কৰে।

বিদ্যালয়ৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ দিয়ে ৰেক্টৰ দিলীপ কুমাৰ হাজৰিকাই। উদেশ্য ব্যাখ্যা কৰে সম্পাদক মোহন শইকীয়াই।

বিদ্যালয়ৰ মুখপত্ৰ "কাঁচিজোন" উন্মোচন কৰি বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই কয় প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ লক্ষ্য থাকিব লাগে। অভিভাৱকসকলে ঘৰত বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ আগবঢ়ায়।

সভাত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰে ভাষণ দিয়ে। অনুষ্ঠানত ক্ৰমে কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্ত নৱ কুমাৰ পেগু, প্ৰাক্তন শিক্ষয়িত্ৰী নয়নমণি ডেকায়ো ভাষণ দিয়ে। সভাত বিশিষ্ট লেখক চিদানন্দ দেৱ গোস্বামী, নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুনমুনি বৰা, ৰামেশ্বৰ দাস, টংকেশ্বৰ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনিত শলাগৰ শৰাই আগবঢ়ায় শিক্ষক শংকৰ বৰঠাকুৰে। উল্লেখ্য যে, সংগীত মহাৰণৰ ৰাজ্যিক পৰ্যায়ত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত ১ম আৰু ৩য় স্থান প্ৰপ্তিৰে বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা বিদ্যালয়ৰ ছাত্ৰ জিষ্ণুব্ৰত শইকীয়াই পৰিবেশন কৰা এটি গীতে শ্ৰোতাক বাৰুকৈয়ে মুগ্ধ কৰে।

অনুষ্ঠানটিৰ আৰম্ভনিতে পুৱা পতাকা উত্তোলন কৰে প্ৰশান্ত কুমাৰ শইকীয়াই। ইয়াৰ পাছতে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মোহন শইকীয়াই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ লগতে ৩৪ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৩৪ গছি বন্তি প্ৰজ্বলন কৰা হয়।