নগাঁও

ভাস্কৰ্য্য শিল্পীৰ ইচ্ছা, পূৰণ কৰিবলৈ সুবিধা দিব নে ৰাষ্ট্ৰপতিয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰ: ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ গজ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু অহাৰ প্ৰাকক্ষণত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাষ্ট্ৰপতি গৰাকীৰ এটি কংক্ৰিটৰ প্ৰতিমূৰ্তি ৷ নিৰ্মাণ কৰিছে নিৰৱধি শিল্প সাধনাত ব্ৰতি থকা এগৰাকী ভাস্কৰ্য্য শিল্পীয়ে ৷ ভাস্কৰ্য্য শিল্পী গৰাকীৰ নাম ৰাজীৱ শইকীয়া ৷

বঢ়মপুৰ হালোৱাগাঁৱৰ নিবাসী ৰাজীৱ শইকীয়া নামৰ এইগৰাকী ভাস্কৰ্য্য শিল্পীয়ে বিশ্বখ্যাত উদ্যোগপতি ৰতন টাটাৰ এটি সু-উচ্চ কংক্ৰিটৰ প্ৰতিমূৰ্তি নিৰ্মান সম্পূৰ্ণ কৰাৰ পাছত নিৰ্মাণ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ প্ৰতিমূৰ্তি ৷ আৱেগিক সম্পৰ্কৰ বাবেই গাঁঠিৰ ধন ভাঙি নিজ হাতে ৰাষ্ট্ৰপতি গৰাকীৰ মূৰ্তি ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিছে শিল্পী গৰাকীয়ে ৷

নগঞা ভাস্কৰ্য শিল্পী ৰাজীৱ শইকীয়াই নিজ হাতে প্ৰদান কৰিম বুলি মনত পুহি ৰখা আশা পূৰণ কৰিবলৈ সুবিধা বিচাৰিছে অসম চৰকাৰ তথা প্ৰশাসনক ৷ উল্লেখ্য যে, টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ সম্পূৰ্ণ কৰি শিল্পী গৰাকীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পাছতে শিল্পী গৰাকীকো উৎসাহিত কৰিছিল ৰতন টাটাই ৷

তিনিশতাধিক বিভিন্ন ‌প্ৰতিমূৰ্তি আৰু ভাস্কৰ্য নিৰ্মাণ কৰি প্ৰচাৰ বিমুখ এইগৰাকী শিল্পীয়ে অভিলেখ গঢ়িবলৈও সক্ষম হৈছিল। শিলত খোদিত ১.২ ছেন্টিমিটাৰ উচ্চতাৰ এটি গনেশৰ মূৰ্তি নিৰ্মাণ কৰি অভিলেখ গঢ়িছিল শিল্পী গৰাকীয়ে৷

এতিয়া শিল্পীৰ হাতৰ পৰশত প্ৰাণ পায় উঠা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ প্ৰতিমূৰ্তি উপহাৰ হিচাপে গ্ৰহণ কৰিব বুলি আশাবাদী ভাস্কৰ্য্য শিল্পী ৰাজীৱ শইকীয়া ৷