নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলত ধানৰ ক্ৰয়ৰ নামত দালাল ৰাজ...
নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলত ধানৰ ক্ৰয়ৰ নামত দালাল ৰাজ... 
নগাঁও

নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলত ধানৰ ক্ৰয়ৰ নামত দালাল ৰাজ...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ ১ ডিচেম্বৰৰ পৰা কৃষকৰ পৰা ধান ক্ৰয় কৰিব চৰকাৰে।ইয়াৰ লগে লগে ধান ক্ৰয়ৰ ক্ষেত্ৰত বহু অভিযোগ উত্থাপিত হৈছে।অভিযোগ অনুসৰি ধান ক্ৰয়ৰ ক্ষেত্ৰত এখন বজাৰ মেলিছে একাংশ দালালে।

এই ক্ষেত্ৰত নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলত একাংশ দালালে চৰকাৰৰ নিৰ্দ্ধাৰিত দৰতকৈ কৃষকৰ পৰা কম মূল্যত ধান ক্ৰয় কৰি ব্যাপক মুনাফা লুটাৰ অভিযোগ উঠিছে। জানিব পৰা মতে বিগত কিছুদিন ধৰি একাংশ দালালে কামপুৰ, কচুৱা, কঠীয়াতলীৰ বিভিন্ন গ্ৰাম্য অঞ্চলৰ কৃষকৰ পৰা মোনে প্ৰতি ৬০০-৭০০ টকাকৈ ধান ক্ৰয় কৰি আছে।

যাৰবাবে কৃষকে ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে। এইক্ষেত্ৰত নগাঁও জিলাৰ খাদ্য নিগমে লুটুমাৰী, কচুৱা আদি এলেকাৰ বিগত কেইবাদিনত এক অভিযান চলাই আহিছে বুলি জনা গৈছে। অভিযোগ মতে কোনো নথি পত্ৰ অবিহনে এইসকল দালালে কৃষকৰ পৰা ধান ক্ৰয় কৰি আছে।

জানিব পৰা প্ৰকৃত কৃষকক কৃষি বিভাগৰ পৰা ধান ক্ৰয়ৰ প্ৰমান পত্ৰ দিব লাগে যদিও কোনো অনুমতি পত্ৰ নোহোৱাকৈ এইসকল দালালে ধান ক্ৰয় কৰি আছে। আনফালে চৰকাৰে স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰৰ দূৰত্ব বেচি হোৱাৰো অভিযোগ উঠিছে।

উল্লেখ্য যে, কঠীয়াতলীত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰাত শিঙিমাৰী, লুটুমাৰী আদি এলেকাৰ কৃষকৰ বাবে দূৰত্ব বেছি হোৱাৰ বাবে সমস্যা সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।ৰাইজে এই এলেকাতো এটা ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ দাবী জনাইছে।

এইক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে প্ৰকৃত কৃষকৰ প্ৰকৃত মূল্যত ধান ক্ৰয় কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাই।