নগাঁও

সেউজ দিপাৱলীৰ আহ্বানেৰে কুঠৰীৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ : সেউজ দীপান্বিতাৰ আহ্বানেৰে শনিবাৰে কলিয়াবৰৰ কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতাধিক গছপুলি বিতৰণ কৰে সামাজিক-সাংস্কৃতিক-শৈক্ষিক অনুষ্ঠান কাজিৰঙা অধ্যয়ন চক্ৰই ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াৰ নেতৃত্বত ওলাই অহা সংগঠনটোৰ কৰ্মকৰ্তাসকলে বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰে ৷

গছপুলি বিতৰণ উপলক্ষে কুঠৰীৰ বিদ্যালয়খনত এখনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে পৰিৱেশ সুৰক্ষা কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে৷ কেৱল নিয়মমাফিকভাৱে দুই-একে পৰিৱেশ সুৰক্ষাৰ শ্ল'গান দিয়ে যদিও প্ৰকৃতাৰ্থত আমি সকলোৱেই আমাৰ নিজৰ পৰিৱেশটো পৰিষ্কাৰ কৰিব ৰাখিব লাগে ৷

ধ্ৰুৱজ্যোতি সাহাই লগতে কয় যে প্ৰদূষণৰ বাবে দেশৰ ৰাজধানীৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতি যাতে আমাৰ ঠাইতো নহয়, তাৰ বাবে আমি উঠি অহা প্ৰজন্মই সকলোকে আহ্বান জনোৱা উচিত ৷

আনহাতে,আগন্তুক পোহৰৰ উৎসৱ দীপান্বিতাত সকলোকে আতচবাজীৰ পৰা আঁতৰি থাকি মাটিৰ চাকিৰে দীপান্বিতা উদযাপন কৰিবলৈ আহ্বান জনায় ধ্ৰুৱজ্যোতি সাহাই ৷ অনুষ্ঠানতে কাজিৰঙা অধ্যয়ন চক্ৰৰ পুষ্কৰ কুৰ্মী, মৃণ্ময় শইকীয়া, কৰবী মৰাং, নিতুল বাউৰী, সৰ্বানন্দ দাস, ৰঞ্জিত বৰুৱা, আদিত্য ঠেঙাল, চন্দন গগৈ, মনোৰম তাছা, ঋতুৰাজ পাত্ৰ, এনিছ বৰা উপস্থিত থাকি কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীক একোজোপাকৈ গছপুলি উপহাৰ দিয়ে ৷

বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা হৰিশ্চন্দ্ৰ ৰাজবংশী, কুঠৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ আলি, চৰকাৰী গাঁওবুঢ়া হেমন্ত বৰা, সমাজকৰ্মী ৰচিদ আলিৰ লগতে বিশেষভাৱে সহযোগিতা আগবঢ়ায় কুঠৰী নিৱাসী, সমাজকৰ্মী প্ৰদীপ মহন্ত (বাবা)ই৷ ইপিনে, ছাত্ৰ-ছাত্ৰীসকলে একোজোপাকৈ গছপুলি হাতত লৈ এইবাৰৰ দীপান্বিতা সেউজ কৰাৰ সংকল্প লোৱাটোৱে উঠি অহা প্ৰজন্মৰ মাজত যে এক সুস্থ বাতাবৰণৰ কঢ়িয়াই আনিব তাৰ চৰ্চা হৈছে সমগ্ৰ কলিয়াবৰ অঞ্চলত ৷