নগাঁও

নগাঁৱৰ শংকৰী সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস: ১৫ শংকৰী সংগীত বিশাৰদক সম্বদ্ধৰ্না...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়া : শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ নগাঁও জিলা শাখাৰ অন্তৰ্গত শংকৰী সংগীত বিদ্যালয়ৰ সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱসটি দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখা কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত অনিল কোঁৱৰৰ পৰিচালনাত নাম প্ৰসঙ্গ, পুৱা ৯:৩০ বজাত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ সঞ্চলনা কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকাই ৷

মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়াই শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষা বন্তী বৰদলৈয়ে আনহাতে মুকলি সভাখনি উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সম্পাদক বিপুল শইকীয়াই। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা, বিশিষ্ট অতিথি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, মূলৰ সদস্য ক্ৰমে জ্যোতিপ্ৰসাদ ভূঞা, নলিনী বৰা, শনিৰাম দাস, তোষেশ্বৰ বৰা, গোবিন চন্দ্ৰ দাস আদি ৷

অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যে ভাষণ আগবঢ়াই শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সাংস্কৃতিক শাখাৰ সম্পাদক অলিম মহন্তই ৷ বিয়লি ২:৩০ বজাত সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে শংকৰী সংগীত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হৰিদাস ৰাজকুমাৰে ৷

উল্লেখ যে, নগাঁও চহৰৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয়ত আজিৰে পৰা ২৭ বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শংকৰী সংগীত বিদ্যালয়খনিত প্ৰতিষ্ঠা কালৰে পৰা যিসকল প্ৰশিক্ষাৰ্থীয়ে শংকৰী শিক্ষা গ্ৰহণ কৰি শংকৰী সংগীতত বিশাৰদ হিচাপে উৰ্ত্তীণ হৈছে তেওঁলোকক সম্বদ্ধৰ্না জনোৱা হয়। এই সম্বদ্ধৰ্না লাভ কৰে ১৫ গৰাকীকৈ বৰগীতৰ প্ৰশিক্ষাৰ্থীয়ে৷

উল্লেখ্য সন্ধিয়া সাংস্কৃতিক শাখাৰ সভাপতি চম্পক ৰাজখোৱাই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী উদ্বোধন কৰাৰ পাছতে দিনযোৰা কাৰ্যসূচীৰ সামৰণি পৰে ৷