সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা "সাংবাদিক সুৰক্ষা মঞ্চ" অসমৰ...
সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা "সাংবাদিক সুৰক্ষা মঞ্চ" অসমৰ... 
নগাঁও

সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা "সাংবাদিক সুৰক্ষা মঞ্চ" অসমৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁওঃ জিলা প্ৰশাসনৰ এগৰাকী মুৰব্বীৰ দ্বাৰা সাংবাদিক নিগ্ৰহৰ ঘটনাত সৰৱ হৈছে সাংবাদিক সুৰক্ষা মঞ্চ, অসম। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এন বি নিউজৰ সাংবাদিক দীপাংকৰ মেধিক শাৰিৰীকভাৱে প্ৰহাৰ কৰা ঘটনাক সাংবাদিক সুৰক্ষা মঞ্চই কঠোৰ ভাষাৰে গৰিহণা দিছে।

মঞ্চৰ কেন্দ্ৰীয় সভাপতি বিপুল মেধি আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত কয় যে, সাংবাদিকগৰাকীক কৰা আক্ৰমণ প্ৰকৃততে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণ কোনো সভ্য সমাজৰ বাবে কাম্য নহয়। এগৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়া হ'ল বুলিয়েই ক্ষমতাৰ ৰাগীত অপব্যৱহাৰ কৰা কাৰ্য কোনো গ্ৰহণ যোগ্য নহয়।

সাংবাদিক দীপাংকৰ মেধিক আক্ৰমণ কৰা ঘটনা ন্যায়িক তদন্ত কৰি দোষীক কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংবাদিক সংগঠনটোৱে দাবী জনাইছে। অন্যহাতে নগাঁৱৰ আয়ুক্তগৰাকীৰ বিৰুদ্ধে উদ্ধৰ্তম কতৃপক্ষই বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো বিবৃতিৰ জৰিয়তে দাবী জনাইছে।