নগাঁও

দৰ্শকৰ শাৰীত ৰহাৰ কংগ্ৰেছী নিলম্বিত বিধায়ক...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহা: ৰহা সমষ্টিৰ ৰজাগাঁৱত অনুস্থিত হোৱা গৰুবাট মৌজা হিন্দু সন্মিলনত এলাগি হ'ল স্থানীয় বিধায়ক শশীকান্ত দাস। দৰ্শকৰ শাৰীত বহিয়েই উভতিব লগীয়া হ'ল বিধায়ক জন। প্ৰায় এঘণ্টা ধৰি দৰ্শকৰ মাজত বহি থকা বিধায়ক জনক মঞ্চলৈও আমন্ত্ৰন নকৰিলে উদ্যোক্তা সকলে।

উল্লেখ্য যে, শুক্ৰবাৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ এঘাৰটা পঞ্চায়তৰ এক হিন্দু সন্মিলন অনুস্থিত হৈছিল কচুৱাৰ ৰজাগাঁৱৰ শিঙিমাৰী পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত। অসমৰ বাৰেৰহনীয়া নৃত্য-গীতৰে মাজৰে অনুস্থিত হোৱা কাৰ্যসূচীৰ বিয়লি বেলালৈ এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়।

স্থানীয় সমাজ কৰ্মী কমল ভূমিকৰ সভিপতিত্বত অনুস্থিত হোৱা সভাখনত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ লগতে মুখ্য অতিথি হিচাবে উপস্থিত থাকে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, ৰাষ্ট্ৰীয় সয়ং সেৱক সংঘৰ অসমৰ ক্ষেত্ৰীয় সহ-প্ৰৱন্ধক বশিষ্ঠ বুজৰবৰুৱা। পিছে মুকলি সভাখনত বিধায়ক গৰাকীক যচা নহ'ল সামান্যতমো সন্মান।