road accident
road accident road accident
নগাঁও

নগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : নগাওঁ জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বিৰহ বেবেজীয়াত বৃহস্পতিবাৰে বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক আহত হয় । জানিব পৰা মতে বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

তীব্ৰ বেগত অহা এখন মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহনৰ পিছৰফালে খুন্দা মৰা ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী দুজন।

চাৰিচকীয়া গাড়ীখনৰ নম্বৰ এ এছ ০১ ডি জি ৩৫০০ আৰু বাইকখনৰ নম্বৰ এ এছ ০২ এ কে ১৬৬০। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহী দুজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।