dangor kotha
dangor kotha  
নগাঁও

বেবেজীয়াত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজনৰ বেবেজীয়া চাৰিআলিৰ নিবাসী পুতু বৰা( ৩৫)।

প্ৰাপ্ত খবৰ মতে মৃত পুতু বৰা দেওবাৰে নিশা বেবেজীয়া খাতৰ গুৰি লৈ স্কুটিৰে গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত মূৰত আঘাত প্ৰাপ্ত হয়। নিশাই গুৰুতৰভাৱে আঘাত প্ৰাপ্ত যুৱকজনক হাস্পটলত ভর্তি কৰাই যদিও যুৱকজনৰ মৃত্যু হয় । মৃত্যুৰ সময়ত যুৱকজনে পত্নী আৰু সন্তানক এটা ইহসংসাৰত এৰি থৈ যায়। যুৱকজনৰ কৰুণ মৃত্যুয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।