big news
big news 
নগাঁও

পুনৰ এনকাউণ্টাৰ, ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা । শুকুৰবাৰে নিশা কলিয়াবৰত সংঘটিত হৈছে এই ঘটনা । হাটবাগনত আৰক্ষীৰ গুলীত আহত ড্রাগছ সৰবৰাহকাৰী ।

নিশা আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰিছিল সৰবৰাহকাৰীটোৱে । পলায়নৰ চেষ্টা কৰোতে গুলীচালনা কৰে আৰক্ষীয়ে ।

ভৰিত গুলি লাগি আঘাটপ্ৰাপ্ত হৈছে ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন । ইতিমধ্যেই উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰা হৈছে অভিযুক্ত ছাদ্দাম হুছেইনক ।