নগাঁও

ৰহা টোল গেটত ৰচিদ বিচৰাত দৌৰাই দৌৰাই মাৰধৰ তিনি যাত্ৰীক, চিকিৎসাধীন

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : ৰাজপথ কিমান সুৰক্ষিত সৰ্বসাধাৰন লোকৰ বাবে ? যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ নাম লৈ স্থাপন কৰা টোল গেট সমূহ এতিয়া হৈ পৰিছে সাধাৰণ লোকৰ বাবে আতংকৰ কাৰণ ৷ নগাঁও জিলাৰ ৰহা আৰু ডবকাত থকা দুয়োখনকৈ টোল গেটৰে সাধাৰণ লোক আহিবলৈ ভয় কৰা হৈছে ৷ টোল গেটত নিয়োজিত কৰ্মচাৰীয়ে সাধাৰন লোকক শাৰিৰীক ভাবে আক্ৰমন কৰি ৰক্তাক্ত কৰি অহাৰ ঘটনা সুলভ হৈ পৰিছে ৷

বুধবাৰে ৰহা টোল গেটত দৌৰাই দৌৰাই প্ৰহাৰ কৰা হ’ল তিনিজনকৈ লোকক ৷ টোল টেক্স আদায় দিয়াৰ বিনিময়ত ৰচিদ বিচৰাৰ বাবে তিনিজনককৈ লোকক ঘূচিয়াই তেজ বাহিৰ কৰে ৷ ২২০ টকাৰ টোল টেক্সৰ বিপৰিতে কৰ্তব্যৰত কৰ্মচাৰীয়ে ৰিচিপ দিবলৈ অস্বীকাৰ কৰি যাত্ৰীক শাৰিৰীক ভাবে এনেদৰে প্ৰহাৰ কৰে যে প্ৰানৰ ভয়ত তিনি লোকে গাড়ী এৰি পলায়ন কৰিব লগা হয় ৷

জানিব পৰা মতে টোল গেটৰ কৰ্মচাৰীৰ আক্ৰমনত আহত হোৱা ব্যক্তি কেইজনৰ নাম হৈছে মৌলানা ফাৰুক আহমেদ , মোস্তাফা আহমেদ , ৰায়হান আহমেদ ৷ আটাইৰে ঘৰ নগাঁও জিলাৰ নীলবাগাৰ মোবাৰকবস্তিত ৷ নতুন গাড়ী লৈ গুৱাহাটীৰ পৰা নীলবাগানলৈ নিশা আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয় ৷ তিনিও জন লোক বৰ্তমান চিকিৎসাধীন ৷