নগাঁও

ৰহাৰ চাপৰমুখত সংঘটিত শোকাৱহ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ চাপৰমুখত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। চাপৰমুখত চলন্ত ৰে'লৰ পৰা পৰি গুৰুত্বৰভাৱে আহত হৈছে এজন ৰে'লযাত্ৰী। শিলচৰ এক্সপ্ৰেছত চেকেণ্ডৰাবাদৰ পৰা হোজাই অভিমুখী আহিছিল ব্যক্তিজন।

ব্যক্তিজন লংকাৰ আমিৰ হুছেইন বুলি জানিব পৰা গৈছে। ঘটশাস্থলীত চাপৰমুখ ৰেল সুৰক্ষা বাহিনী আৰু ৰে'ল আৰক্ষী উপস্থিত হৈ গুৰুত্বৰভাৱে আহত আমিৰ হুছেইনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।