নগাঁও

ৰহাত চেনেহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰহাঃ লোকসভা নিৰ্বাচনৰ গৰম বতাহৰ মাজতে ঢোলৰ গুমগুমনিৰে মুখৰিত ৰাজ্য। চৌদিশে এতিয়া ঢোল-পেঁপাৰ অমিয়া লহৰ। ৰাজ্যৰ চৌদিশে চলিছে চেনেহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি। ৰহাতো ব্যস্ত ঢুলীয়া-নাচনী। চেনেহৰ ৰঙালী বিহুত মনৰ জোখাৰে নাচিবলৈ ব্যস্ত কিশোৰ-কিশোৰী, যুৱক-যুৱতী।

ফুলগুৰিৰ ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা ১৫দিনীয়া বিহু কৰ্মশালাত অঞ্চলটোৰ যুৱক-যুৱতী, কিশোৰ-কিশোৰী তথা শিশুৱে অংশ লৈ বাপতিসাহোন ৰঙালী বিহুৰ সংস্কৃতি ৰক্ষাত ব্যস্ত হৈ পৰিছে। বৰ বিহুৱা প্ৰসেনজিৎ কোঁৱৰ আৰু বৰ বিহুৱতী মালা ডেকাৰ তত্বাৱধানত এইসকল উদীয়মান যুৱক-যুৱতীয়ে চলাইছে সংস্কৃতি ৰক্ষাৰ অকৃত্ৰিম প্ৰয়াস।

চালে চকু ৰোৱা এয়াই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ মাদকতা। অসমীয়াৰ আয়ুষ ৰেখা। ফুলগুৰি আঞ্চলিক বিহু সন্মিলনীৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ এই বিহু কৰ্মশালাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে এক অনন্য উচাহ-উদ্দীপনা। এশৰো অধিক বিহুৱতীয়ে নিতৌ চলাইছে বিহুনৃত্য, বিহুনামৰ আখৰা। একেই পৰিৱেশে বিৰাজ কৰিছে ৰহাৰ বিভিন্ন অঞ্চলত। মুঠতে নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰহাতো দেখিবলৈ পোৱা গৈছে চেনেহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।