নগাঁও

বিশিষ্ট সমাজ সেৱক মাইন উদ্দীন আহমেদৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ কচুৱাৰ বিশিষ্ট সমাজসেৱক আলহাজ মোঃ মাইন উদ্দীন আহমেদ (৭৫) ওৰফে মাইনুদ্দীন ছেক্ৰেটাৰীৰ শনিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিনীয়া অসুস্থতাত থকাৰ পিছত কিছু পৰিমাণে সুস্থ হৈছিল যদিও পুনৰ গুৱাহাটীস্থিত দিছপুৰ হস্পিতালত চিকিৎসাধীন অৱস্থাত যোৱা নিশা মৃত্যু হয় মাইন উদ্দীন আহমেদৰ।

প্ৰয়াত মাইনুদ্দীন আহমেদ কচুৱা বিষ্ণুপুৰ সমবায় সমিতিৰ দীৰ্ঘদিন (প্ৰায় ২২ বছৰ) প্ৰাক্তন সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও কচুৱা ইদগাহৰ সভাপতি, কচুৱা মাৰ্কাজ একাডেমীৰ সভাপতি, কচুৱা ইছলামীয়া আৰবীয়া মাদ্ৰাছাৰ লগতে মছজিদৰ সভাপতি আৰু কচুৱা বজাৰ শ্বাহী মছজিদৰ আহমদীয়া খানকাহৰ প্ৰাক্তন সভাপতি হিচাপে সমাজৰ বিভিন্ন দিশত তেওঁৰ অৱদান আছিল লেখত ল'বলগীয়া।

আজি পুৱা প্ৰয়াত মাইন উদ্দীনৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে তেওঁৰ কচুৱা বজাৰস্থিত বাসগৃহত অগনন গুণমুগ্ধ তথা আত্মীস্বজন লোক উপস্থিত হৈ তেওঁৰ মাগফিৰাতৰ বাবে দোৱা কৰে। প্ৰয়াত মাইন উদ্দীন আহমেদৰ মৃত্যুত কচুৱা প্ৰেছক্লাৱ, কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা, আমছুৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।

প্ৰয়াত আহমেদৰ কচুৱা ইদগাহ মৈদানত সহশ্ৰাধিক লোকৰ উপস্থিতিত দিনৰ ২বজাত পবিত্ৰ জানাযা নামাজ সম্পন্ন কৰি শেষকৃত্য সম্পন্ন কৰা হয়। প্ৰয়াত আহমেদে পত্নী, এজন পুত্ৰ , ৭জনী কন্যা সন্তান আৰু নাতি-পুতিক ইহ-সংসাৰত এৰি থৈ যায়।