নগাঁও

কপাহেৰাত সদৌ অসম ভিত্তিত প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া নৱনিৰ্মীত কপাহেৰা ষ্টেডিয়ামত কপাহেৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু মৰিগাঁও উত্তৰ-পূব ভলীবল সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত তেজপুৰ ভলীবল কোচিং চেণ্টাৰ আৰু মহিলাৰ শাখাত তেজপুৰ চিত্ৰলেখা মহিলা ভলীবল দলে চেম্পিয়নশ্বিপ অৰ্জন কৰে ৷

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ-১২টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ শনিবাৰে নিশা অনুষ্ঠিত পুৰুষৰ ফাইনেলত তেজপুৰ ভলীবল কোচিং চেণ্টাৰে মৰিগাঁও ভলীবল দলক ২-১ গেমত পৰাজিত কৰে। বিপৰীতে মহিলা শাখাৰ ফাইনেলত তেজপুৰ চিত্ৰলেখা মহিলা ভলীবল দলটোৱে কপাহেৰা ভলীবল কোচিং চেণ্টাৰক ২-১ গেমত পৰাস্ত কৰে ৷

উল্লেখ্য যে, প্ৰাক্তন খেলুৱৈ তেজপুৰৰ ৰাজেন ভূঞাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা এই প্ৰতিযোগিতাৰ শনিবাৰে সন্ধিয়াৰ বিশেষ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী তথা যুৱনেতা সুৰেশ বৰাক বিশেষভাৱে আদৰণি জনোৱা হয় ৷ প্ৰতিযোগিতাৰ মাজতে অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, অসম ভলীবল সন্থাৰ উপ সভাপতি জীৱনমল চূড়াণা, অসম যোগ সন্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকা, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি ৰমেন নাথ আৰু প্ৰাক্তন খেলুৱৈ পৰশুৰাম মহেশ্বৰী আদিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

খেলৰ অন্তত দেওবাৰে পুৱতি নিশা অনুষ্ঠিত সামৰণি অনুষ্ঠানত আয়োজক সমিতিৰ সভাপতি তথা প্ৰাক্তন খেলুৱৈ হেৰম্ব প্ৰসাদ ডেকা (বাবা)ৰ লগতে সমাজকৰ্মী দিবেন নাথ, মুকুট শৰ্মা, জীৱন নাথ আৰু এইছ. বৰদলৈ আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে ৷ পুৰুষৰ শাখাত তেজপুৰ ভলীবল কোচিং চেণ্টাৰৰ ৰিটীন বড়োয়ে আৰু মহিলাৰ শাখাত চিত্ৰলেখা ভলীবল দলৰ দিক্ষীতা বৰাই সমাজকৰ্মী ৰাতুল বৰদলৈয়ে আগবঢ়োৱা ফটিক বৰদলৈ সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷